Your Mic Your Voice

হাজোত আৰক্ষীৰ অভিযানত কেপচুল জব্দ

0

হাজো: নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই হাজো আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। হাজো-দৌলাশাল পথৰ সমীপত চলোৱা অভিযানত নিচাজাতীয় ঔষধসহ নুৰ মহম্মদ ওৰফে বেঙা নামৰ লোকজনক আটক কৰা হয়।

আৰক্ষীৰ অভিযানত ধৃত নুৰ মহম্মদৰ পৰা পাঁচটা পেকেটত মুঠ ৭২০টা নিচাজাতীয় কেপচুল উদ্ধাৰ কৰা হয়। জব্দকৃত নিচাজাতীয় ঔষধখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই লাখ টকা বুলি জানিব পৰা গৈছে।

unimex

আৰক্ষীয়ে অভিযানত এখন পালচাৰ মটৰচাইকেল আৰু এটা মোবাইল ফোনো জব্দ কৰে। আটকাধীন নুৰ মহম্মদৰ ঘৰ হাজোৰ দামপুৰত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

ঘটনাৰ সৈতে জড়িত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু ব্যৱহাৰৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আটকাধীন লোকজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়াও চলাই থকা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »