লংকা আৰক্ষীৰ তৎপৰতাত জব্দ ২৫ লক্ষাধিক টকাৰ লালি গুৰ
অসমত অবৈধ চুলাই মদ প্ৰস্তুত কৰাত ব্যৱহাৰ হোৱাৰ বাবে লালি গুৰ ক্ৰয়-বিক্ৰয়, মজুত আৰু পৰিবহণৰ বিৰুদ্ধে প্ৰশাসনে সময়ে সময়ে গ্ৰহণ কৰি আহিছে কঠোৰ পদক্ষেপ । অবৈধভাৱে বাহনত কঢ়িয়াই অনা লালি গুৰ জব্দ কৰাৰ লগতে বিভিন্ন জিলাত প্ৰশাসনে নিষেধাজ্ঞাৰ লগতে এইক্ষেত্ৰত কঢ়া নিৰ্দেশনা পৰ্যন্ত জাৰি কৰি আহিছে যদিও একাংশই বৰ্তমানেও কূট-কৌশল খটুৱাই সৰবৰাহ অব্যাহত ৰাখিছে । শেহতীয়াকৈ লংকাৰ লালুংডুবি অঞ্চলত হোজাই জিলা প্ৰশাসনে চলায় লালি গুৰ বিৰোধী অভিযান ।
হোজাই জিলা আয়ুক্তই বিগত ১৭ আগষ্টৰ দিনা এক নিৰ্দেশনাযোগে হোজাই জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল লালি গুৰৰ প্ৰচলন । কিন্তু উক্ত নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই অনিল বিশ্বাস নামৰ এজন অসাধু ব্যৱসায়ীয়ে তেওঁৰ গুদামত ১৫০০ টিং লালি গুড় মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ।

বুধবাৰে হোজাই জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে যৌথভাবে অভিযান চলাই জব্দ কৰে উক্ত নিষিদ্ধ ঘোষিত লালি গুৰখিনি । জব্দকৃত লালি গুৰখিনিৰ অনুমানিক বজাৰ মূল্য ২৫ লক্ষাধিক টকা বুলি আৰক্ষীয়ে জনায় ।
লংকা ৰাজহ চক্ৰ বিষয়া আৰু লংকা আৰক্ষীৰ নেতৃত্বত জব্দকৃত লালি গুৰখিনি জব্দ কৰি লৈ যোৱা হয় লংকা আৰক্ষী থানালৈ । লংকা প্ৰশাসনৰ এই পদক্ষেপে বৰবিহৰূপী চুলাই প্ৰস্তুত কৰা এই ৰমৰমীয়া গুৰৰ ব্যৱসায় বন্ধ কৰিবলৈ প্ৰশাসন সক্ষম হয় নে নহয় সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷