Your Mic Your Voice

জন্মাষ্টমীৰ মূল সময় কেতিয়া? আজি নিশা এই সময়তে হ’ব শ্ৰীকৃষ্ণৰ জন্মোৎসৱ

0

আজি পবিত্ৰ কৃষ্ণ জন্মাষ্টমী। সমগ্ৰ দেশৰ লগতে অসমতো ভক্তি আৰু ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, দ্বাপৰ যুগত ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত মাজনিশা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল।

জন্মাষ্টমীৰ দিনা ভক্তসকলে উপবাস পালন কৰাৰ লগতে দিনজোৰা নাম-কীৰ্তন, পূজা-অৰ্চনা আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। কিন্তু জন্মাষ্টমীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হৈছে মাজনিশাৰ সময়ছোৱা।

পঞ্জিকা অনুসৰি, আজি ৪ ছেপ্টেম্বৰৰ নিশা ১১:৫৭ বজাৰ পৰা ৫ ছেপ্টেম্বৰৰ ১২:৪৩ বজালৈ এই কাল থাকিব।

এই সময়ছোৱাতে শ্ৰীকৃষ্ণৰ জন্মলীলা স্মৰণ কৰি মূল পূজা, জন্মোৎসৱ আৰু আৰতি কৰা হয়। সেয়েহে ভক্তসকলৰ বাবে আজিৰ নিশাৰ ১১:৫৭ বজাৰ পৰা ১২:৪৩ বজালৈ সময়ছোৱা বিশেষ গুৰুত্বপূৰ্ণ।

জন্মাষ্টমীৰ গুৰুত্বপূৰ্ণ সময়সমূহ

unimex
  • অষ্টমী তিথি আৰম্ভ: ৪ ছেপ্টেম্বৰৰ পুৱা ২:২৫ বজা
  • অষ্টমী তিথি সমাপ্ত: ৫ ছেপ্টেম্বৰৰ ১২:১৩ বজা
  • জন্ম মূহুৰ্ত: ১১:৫৭ বজাৰ পৰা ১২:৪৩ বজালৈ
  • ব্ৰত ভংগ: ৫ ছেপ্টেম্বৰৰ পুৱা ৬:০১ বজাৰ পিছত

অসমৰ বৈষ্ণৱ সংস্কৃতিত জন্মাষ্টমীৰ বিশেষ গুৰুত্ব আছে। ৰাজ্যৰ বিভিন্ন সত্ৰ আৰু নামঘৰত আজি পুৱাৰে পৰা নাম-প্ৰসংগ, কীৰ্তন, ভাওনা আৰু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈছে।

বৰপেটা সত্ৰ, মাজুলীৰ বিভিন্ন সত্ৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ-সত্ৰত শ্ৰীকৃষ্ণৰ জন্মলীলা উদযাপনৰ বিশেষ আয়োজন কৰা হৈছে।

ধৰ্মীয় বিশ্বাস অনুসৰি, শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মাজনিশা, অষ্টমী তিথিত। সেয়েহে জন্মাষ্টমীৰ দিনা দিনৰ পূজা-অৰ্চনাৰ লগতে নিশীথ কালত শ্ৰীকৃষ্ণৰ জন্মমুহূৰ্ত স্মৰণ কৰি বিশেষ পূজা কৰা হয়।

এই সময়ত মন্দিৰ আৰু নামঘৰত শংখ-ঘণ্টা, উৰুলি আৰু হৰিনামৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। ভক্তসকলে ‘নন্দ ঘৰত আনন্দ হ’ল’ আদি ভক্তিগীত আৰু নাম-কীৰ্তনেৰে কৃষ্ণৰ জন্মোৎসৱ পালন কৰে।

Leave A Reply

Your email address will not be published.

Translate »