দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ: বানাক্ৰান্ত ৰাইজক সহায়ৰ আশ্বাস
উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পিছতেই আজি বানপীড়িতৰ খবৰ লবলৈ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেঙাবড়া আৰু নাহৰবাৰীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
কিছুদিন পূৰ্বে সৃষ্টি হোৱা বানে জিলাখনৰ বিভিন্ন ঠাই জলমগ্ন কৰি তুলিছিল। ইয়াৰ ফলত স্থানীয় লোকসকলে বেঙাবড়া গাঁৱৰ নিৰ্মীয়মান অংগনবাড়ী কেন্দ্ৰত আশ্ৰয় গ্ৰহণ কৰি আছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে আজি বানাক্ৰান্ত ৰাইজক ওচৰত উপস্থিত হৈ সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰে। লগতে তেওঁ নাহৰবাৰীৰ কুলশী নৈৰ ভগা মথাউৰি পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে অঞ্চলটোৰ ৰাইজ বানৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু এই লোকসকলক চৰকাৰী নিয়ম অনুসৰি সাহায্য প্ৰদান কৰা হ’ব। আৰু জলসম্পদ বিভাগে হাতত লোৱা মেৰামতি কামৰো খতিয়ান লয় বুলি উল্লেখ কৰি ভবিষ্যতে মথাউৰি সমূহ অতি শক্তিশালী ৰূপত নিৰ্মাণ কৰা হ’ব বুলিও ৰাইজক আশ্বাস দিয়ে।
আজি এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা দৰং জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়িকা নীলিমা দেৱী, বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপৰিও জিলা আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ দায়িত্ববাহী বিভাগৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।