শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ পথ অৱৰোধ
শিৱসাগৰৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত আজি জাতীয় সংগ্ৰামী সেনা, অসমৰ শিৱসাগৰ জিলা সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। নগৰৰ ৰংঘৰ চাৰিআলি, নাজিৰা আলি, বৰ আলি আৰু জয়সাগৰ-ভটিয়াপাৰ পথৰ দুৰাৱস্থাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, পথসমূহৰ শোচনীয় অৱস্থাৰ বাবে যাতায়তত চৰম অসুবিধাৰ সৃষ্টি হৈছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে। বহু লোক আহত হোৱাৰ লগতে মৃত্যুৰ ঘটনাও ঘটিছে।

বহুবাৰ অভিযোগ দিয়াৰ পাছতো লোকনিৰ্মাণ বিভাগ আৰু ঠিকাদাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে সংগঠনটোৱে। বিশেষকৈ নাজিৰা আলি আৰু বৰ আলিৰ নিৰ্মাণ কাৰ্য বছৰ বছৰ ধৰি লেহেমীয়া গতিত চলি থকাত ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।
আজি প্ৰায় এঘণ্টা ধৰি ৰংঘৰ চাৰিআলিত পথ অৱৰোধ কৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। অনতিপলমে পথ নিৰ্মাণ নকৰিলে অনিৰ্দিষ্টকালীন আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে। পিছত জিলা আয়ুক্ত কাৰ্যালয়ৰ দণ্ডাধীশ উপস্থিত হৈ স্মাৰক-পত্ৰ গ্ৰহণ কৰে।