Your Mic Your Voice

দেশৰ ৬ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

0

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে দেশৰ ৬ খন ৰাজ্যৰ বাবে নতুন ৰাজ্যপাল নিযুক্তি দিছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি এই বৃহৎ সালসলনি কৰা হৈছে।

এই নিযুক্তি অনুসৰি –

unimex

১. কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
২. ছিক্কিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰক কেৰালাৰ নতুন ৰাজ্যপাল হিচাপে বদলি কৰা হৈছে।
৩. জ্যেষ্ঠ বিজেপি নেত্ৰী ডা° সুধা যাদৱক কৰ্ণাটকৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
৪. ডা° ধাল সিং বিছেনক উত্তৰাখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
৫. দুষ্যন্ত গৌতমক ছিক্কিমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
৬. ঝাৰখণ্ডৰ জ্যেষ্ঠ নেতা ব্ৰজ মোহন ৰামক ওড়িশাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাষ্ট্ৰপতি ভৱনে জনোৱা মতে, নিযুক্তিপ্ৰাপ্ত ৰাজ্যপালসকলে নিজ নিজ কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰ পৰাই এই নিযুক্তি কাৰ্যকৰী হ’ব।

এই সালসলনিক ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে, কিয়নো নতুনকৈ নিযুক্ত ৬ গৰাকীৰ ভিতৰত ৩ গৰাকী অনুসূচিত জাতি আৰু ২ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি।

Leave A Reply

Your email address will not be published.

Translate »