Your Mic Your Voice

শিৱসাগৰত ৬ নৱেম্বৰত ১২ ঘণ্টীয়া জিলা বন্ধৰ ঘোষণা আটাছুৰ

0

শিৱসাগৰত পুনৰ উত্তপ্ত পৰিস্থিতি। ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ দাবীত ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ ঘোষণা কৰিছে আটাছুৱে।

আজি এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত আলোচনাৰ বাবে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বক আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু অতি ৰহস্যজনকভাৱে এই স্পৰ্শকাতৰ বিষয়ৰ আলোচনাত উপস্থিত নাথাকিল জিলা আয়ুক্ত মৃদুল যাদৱ।

জিলা আয়ুক্তৰ অনুপস্থিতিত ক্ষোভিত হৈ আলোচনা কক্ষ ত্যাগ কৰে আটাছুৰ নেতৃবৰ্গই।

unimex

ইয়াৰ পিছতেই আটাছুৰ সভাপতি বসন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে ৬ নৱেম্বৰৰ জিলা বন্ধৰ।

বসন্ত গগৈয়ে হুংকাৰ দি কয় – “ঐতিহ্যৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ’ব। যমুনাৰ বেদখল উচ্ছেদ হ’বই লাগিব।”

উল্লেখ্য যে দীৰ্ঘদিন ধৰি শিৱসাগৰৰ ঐতিহাসিক যমুনা পুখুৰী বেদখলৰ অভিযোগ উত্থাপন হৈ আহিছে। এই বেদখল উচ্ছেদৰ দাবীত আটাছুৱে ধাৰাবাহিক আন্দোলন চলাই আহিছে।

Leave A Reply

Your email address will not be published.

Translate »