ভয়ংকৰ বান, নেপালত বিস্তৰ ক্ষয়-ক্ষতি
চীনৰ তিব্বত সীমান্তৰ পৰা হঠাৎ নামি অহা ভয়ংকৰ বানত নেপালৰ ৰাছুৱা জিলাৰ ছ্যাপ্ৰু বেছী আৰু টিমুৰে অঞ্চলত ব্যাপক ক্ষয়-ক্ষতিৰ সৃষ্টি হৈছে। ভোতে কোশী নদীৰ পানীৰ প্ৰচণ্ড সোঁতে কেইবাখনো গাঁও আৰু বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ স্থান উটুৱাই নিয়াৰ তথ্য প্ৰকাশ পাইছে।
বানৰ ফলত গাঁও আৰু আন্তঃগাঁথনি প্ৰকল্পৰ স্থান উটি যোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমানলৈ হতাহত বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ সঠিক হিচাপ লাভ কৰা হোৱা নাই যদিও ব্যাপক প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষতিৰ আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে।

নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে উদ্ধাৰকাৰী দল, আৰক্ষী আৰু সেনাবাহিনী মোতায়েন কৰাৰ কথা জনাইছে। নদীৰ কাষৰ নিম্নাঞ্চলত বসবাস কৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
প্ৰশাসনে ভোতে কোশী নদীৰ পাৰত থকা লোকসকলক অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে তিব্বতৰ পৰা উৎপত্তি হোৱা ভোতে কোশী নদী নেপালৰ ত্ৰিশূলী নদীত মিলিত হয় আৰু পাছত ভাৰতত গণ্ডক নদী হিচাপে প্ৰৱাহিত হয়।
ইয়াৰ পূৰ্বেও ভোতে কোশী নদীৰ ভয়ংকৰ বানত নজন লোকৰ মৃত্যু আৰু ২৪জন লোক সন্ধানহীন হৈছিল। সেই বানত নেপাল-চীন সংযোগী ‘ফ্ৰেণ্ডশ্বিপ ব্ৰীজ’ উটি যোৱাৰ ফলত দুয়োখন দেশৰ মাজৰ যাতায়াত আৰু বাণিজ্য কেইবামাহো ব্যাহত হৈছিল। অঞ্চলটোৰ এটা জলবায়ু নিৰীক্ষণ সংস্থাৰ মতে, সেই বান তিব্বতৰ এটা হিমবাহ-আৱৃত হ্ৰদৰ পানী হঠাৎ ওলাই যোৱাৰ ফলত সৃষ্টি হৈছিল।