Your Mic Your Voice

‘জন সেৱাই নাৰায়ণ সেৱা’ৰ আদৰ্শৰে সমাজৰ প্ৰতিটো শ্ৰেণীৰ কাষত উপনীত হওক — মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

0

গুৱাহাটী : “জন সেৱাই নাৰায়ণ সেৱা”—এই আদৰ্শক সাৰোগত কৰি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ কাষত সেৱাৰ মনোভাৱেৰে উপনীত হ’ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতি জীৱনৰ ২৫ বছৰীয়া সেৱা-যাত্ৰা উপলক্ষে গ্ৰহণ কৰা ‘সেৱা সংকল্প অভিযান’ৰ জৰিয়তে দলৰ কাৰ্যকৰ্তাসকলে জনসাধাৰণৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযুক্ত হৈ সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিব লাগিব—এই আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

আজি গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বৰ্দ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে জনসেৱা বিজেপিৰ সাংগঠনিক আৰু ৰাজনৈতিক দৰ্শনৰ অন্যতম মূল আধাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিগত সময়ছোৱাত দেশবাসীৰ সেৱা, দৰিদ্ৰ আৰু বঞ্চিত লোকৰ কল্যাণ, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক উপলক্ষ কেৱল উদযাপনৰ মাজতে সীমাবদ্ধ নাৰাখি সেৱাৰ জৰিয়তে সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাৰ এক সুযোগ হিচাপে গ্ৰহণ কৰিব লাগিব। তেওঁ ৰাজ্যিক বিজেপিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক ‘সেৱা সংকল্প অভিযান’ৰ প্ৰতিটো কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়। ৰক্তদান, স্বচ্ছতা অভিযান, স্বাস্থ্যসেৱা, অংগনবাড়ী কেন্দ্ৰৰ সৈতে সেৱামূলক কাৰ্যসূচী, যুৱ-ছাত্ৰসকলক জড়িত কৰা বিভিন্ন কাৰ্যসূচী আৰু অন্যান্য জনকল্যাণমূলক পদক্ষেপৰ জৰিয়তে এই অভিযানক সৰ্বব্যাপী কৰি তুলিবলৈ তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহান শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ১৯ ছেপ্টেম্বৰত সমগ্ৰ অসমতে অনুষ্ঠিত হ’বলগীয়া বৃহৎ ৰক্তদান কাৰ্যসূচীক এক মহান মানৱীয় সেৱাৰ পদক্ষেপ হিচাপে সফল কৰি তুলিবলৈ দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনায়। ৰক্তদানৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰীয়া সেৱা-যাত্ৰাৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে ২০০১ চনৰ ৭ অক্টোবৰ তাৰিখে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি নিৰন্তৰভাৱে দেশ আৰু জনসাধাৰণৰ সেৱাত নিজকে উৎসৰ্গা কৰি আহিছে। এই দীঘলীয়া সেৱা-যাত্ৰাক সন্মান জনাই অসমতো ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ, ২০২৬ লৈ ‘সেৱা সংকল্প অভিযান—জন সেৱাই নাৰায়ণ সেৱা’ শীৰ্ষক মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত ‘আশীৰ্বাদ বন্তি’ প্ৰজ্বলনেৰে এই অভিযানৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্যসেৱামূলক কাৰ্যসূচী, যুৱ-ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা, স্বচ্ছতা অভিযান, অংগনবাড়ী কেন্দ্ৰত সেৱামূলক কাৰ্যসূচী আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব।

unimex

১৯ ছেপ্টেম্বৰত অসমৰ মহান শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন বিজেপি কাৰ্যালয় আৰু নিৰ্ধাৰিত স্থানত ব্যাপক ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে ৰক্তদানৰ দৰে মহান মানৱীয় সেৱাৰ সৈতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক জড়িত কৰাৰ প্ৰয়াস কৰা হ’ব।

ইয়াৰ উপৰি, ২৫ ছেপ্টেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ’ব। ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে স্বদেশী, খাদী, সৰলতা আৰু স্বচ্ছতাৰ আদৰ্শক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে ৰাজ্যজুৰি ব্যাপক স্বচ্ছতা অভিযান চলোৱা হ’ব।

‘সেৱা সংকল্প অভিযান’ৰ অধীনত ‘মোৰ সপোনৰ ভাৰত—চিত্ৰ সেৱা’, ‘নমো সেৱা—অব্যক্ত কাহিনী’, ‘অংগনবাড়ী মিলন সেৱা’, ‘সেৱাৰ কাহিনী’, ‘সেৱা জ্যোতি/কলহ যাত্ৰা—বিকশিত ভাৰত সংকল্প’, ‘বাটনগৰৰ পৰা বাৰাণসী সেৱা যাত্ৰা’, ‘সেৱা মোৰ যোগদান’, ‘সেৱা সেতু অভিযান’, ‘সেৱাৰ ৰং, ৰাষ্ট্ৰৰ সৈতে’, ‘সেৱা প্ৰথম উদ্ভাৱন প্ৰত্যাহ্বান’ আৰু ‘সুশাসন সেৱা সংবাদ’ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সভাপতিত্ব কৰা সভাখনত ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে বিধায়ক শ্ৰী দিপ্লু ৰঞ্জন শৰ্মাই আৰু সমৰ্থন আগবঢ়ায় মন্ত্ৰী নিলিমা দেৱী আৰু ৰাজ্যিক সম্পাদক অভিজিৎ নাথে।

সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অশোক সিংহাল, অজন্তা নেওগ আৰু ৰণোজ পেগুকে ধৰি দলৰ জ্যেষ্ঠ নেতা তথা বিষয়ববীয়াসকলে বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়।
সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে পৰিচালনা কৰা সভাখনত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী আৰু সাংগঠনিক প্ৰস্তুতি সন্দৰ্ভত সাধাৰণ সম্পাদক শ্ৰী অনুপ জ্যোতি বৰ্মনে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। সাংগঠনিক ক্ষেত্ৰত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ দায়িত্ব আৰু ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে।
সভাত উপস্থিত থাকি বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক হৰিশ দ্ৰিবেৰীয়ে অসমত যোৱা দুটা বছৰত প্ৰভাৰী হিচাপে দায়িত্ব পালন কৰাৰ সময়ছোৱাৰ অভিজ্ঞতা আৰু ইতিবাচক উপলব্ধিৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়ায়।

সভাখনত সভাপতিত্ব কৰা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সমাপন বক্তব্যত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া জনসেৱা-যাত্ৰা উপলক্ষে গ্ৰহণ কৰা ‘সেৱা সংকল্প অভিযান—জন সেৱাই নাৰায়ণ সেৱা’ কেৱল এক সাংগঠনিক কাৰ্যসূচী নহয়, বৰং সেৱাৰ জৰিয়তে সমাজৰ প্ৰতি বিজেপিৰ দায়বদ্ধতা প্ৰকাশ কৰাৰ এক বৃহৎ প্ৰয়াস।

শইকীয়াই দলৰ ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথ পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাক এই মাহজোৰা সেৱা কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ বাবে আত্মিকভাৱে নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়। লগতে প্ৰতিটো কাৰ্যসূচীত সকলো স্তৰৰ কাৰ্যকৰ্তাৰ সক্ৰিয় সহযোগিতা নিশ্চিত কৰি ‘জন সেৱাই নাৰায়ণ সেৱা’ৰ আদৰ্শক বাস্তৱ ৰূপ দিয়াৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এই বিবৃতিত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.

Translate »