কলেজ অধ্যাপকৰ পদোন্নতিক লৈ উচ্চ-শিক্ষা বিভাগত গুৰুতৰ অনিয়মৰ অভিযোগ
উচ্চ-শিক্ষা বিভাগৰ অধীনস্থ কলেজসমূহত অধ্যাপকৰ পদোন্নতিক লৈ গুৰুতৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) আৰু অসম চৰকাৰৰ নিৰ্ধাৰিত নীতি-নিৰ্দেশনা তথা সময়সীমা অমান্য কৰি একাংশ অধ্যাপকে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে বুজাপৰা আৰু ধনৰ লেনদেনৰ জৰিয়তে আগতীয়াকৈ পদোন্নতি লাভ কৰাৰ অভিযোগে শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, এনে পদোন্নতিৰ ফলত যোগ্যতা পূৰণ নকৰা অধ্যাপকসকলেও আগতীয়া ইনক্ৰিমেণ্ট, ভাট্টা আৰু অধিক দৰমহা লাভ কৰি আহিছে। আৰু অসম চৰকাৰৰ নিৰ্দেশনা আওকাণ কৰি এনে পদোন্নতিৰ জৰিয়তে বহু অধ্যাপকে আগতীয়া ভাট্টা আৰু অধিক দৰমহা লাভ কৰি অহাৰ অভিযোগে শিক্ষা মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অসম চৰকাৰৰ উচ্চ-শিক্ষা বিভাগৰ অধীনস্থ কলেজসমূহৰ অধ্যাপক-অধ্যাপিকাৰ পদোন্নতিক লৈ আজি ভালেমান বছৰ ধৰি অনিয়ম চলি অহাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, পদোন্নতিৰ অৰ্হতা আৰু যোগ্যতা সম্পূৰ্ণ নকৰা একাংশ অধ্যাপককো ধনৰ লেনদেন আৰু বিশেষ বুজাপৰাৰ জৰিয়তে পদোন্নতি প্ৰদান কৰা হৈছে। কলেজ অধ্যক্ষ আৰু কলেজত অনুষ্ঠিত পদোন্নতি বাছনি সমিতিক প্ৰভাৱিত কৰি বহু অধ্যাপকে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পদোন্নতি লাভ কৰাৰ লগতে মোটা অংকৰ দৰমহা লাভ কৰি আহিছে বুলি অভিযোগ উঠিছে।

উল্লেখ্য যে, কেৱল পি.এইচ.ডি.-ৰ জৰিয়তে সহকাৰী অধ্যাপক পদৰ যোগ্যতা সম্পূৰ্ণ কৰা, কিন্তু UGC-NET বা SLET উত্তীৰ্ণৰ প্ৰমাণপত্ৰ নথকা অধ্যাপকসকলৰ চিনিয়ৰ স্কেল পদোন্নতি নিয়ম অনুসৰি ছয় বছৰৰ পাছত হ’ব লাগে। আনহাতে, এম.ফিলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি সহকাৰী অধ্যাপক হোৱা সকলক পাঁচ বছৰত চিনিয়ৰ স্কেল প্ৰদান কৰা হোৱা নাই। কিন্তু অফিচ মেম’ৰেণ্ডামত বিষয়টো স্পষ্টভাৱে উল্লেখ নথকাৰ সুযোগ লৈ পি.এইচ.ডি.-ৰ জৰিয়তে সহকাৰী অধ্যাপক পদৰ যোগ্যতা অৰ্জন কৰা একাংশক চাৰি বছৰৰ ভিতৰতে চিনিয়ৰ স্কেল পদোন্নতি প্ৰদান কৰা বুলি অভিযোগ উঠিছে।
ইয়াৰ উপৰি, এনে বহু অধ্যাপকক পি.এইচ.ডি. লাভৰ বাবে অতিৰিক্ত তিনিটাকৈ ইনক্ৰিমেণ্টো বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে। নিয়ম অনুসৰি এইসকলৰ পৰৱৰ্তী ছিলেকচন গ্ৰেড পদোন্নতি এঘাৰ বছৰৰ পাছত হ’ব লাগে। কিন্তু অভিযোগ অনুসৰি, উচ্চ-শিক্ষা বিভাগে একাংশ অধ্যাপকক ন বছৰৰ ভিতৰতে সেই পদোন্নতি প্ৰদান কৰিছে। একেদৰে, সহযোগী অধ্যাপক পদৰ বাবে যোগ্যতা অৰ্জনৰ সময়সীমা চৈধ্যৰ পৰা পোন্ধৰ বছৰ হ’ব লাগে যদিও একাংশ অধ্যাপকে বাৰ বছৰৰ ভিতৰতে পদোন্নতি লাভ কৰি সহযোগী অধ্যাপকৰ মোটা অংকৰ দৰমহা লাভ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উঠিছে। কোন কোন অধ্যাপকে অনিয়মৰ মাজেৰে পদোন্নতি লাভ কৰিছে, সেই সম্পৰ্কীয় তথ্য উচ্চ-শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰা পদোন্নতিৰ জাননীত স্পষ্টভাৱে উল্লেখ আছে বুলি দাবী কৰা হৈছে।
পূৰ্বতে উচ্চ-শিক্ষা বিভাগত পদোন্নতিৰ ফাইল জমা লৈ পৰীক্ষণ কৰা হৈছিল। বৰ্তমান উচ্চ-শিক্ষা বিভাগৰ কৰ্মচাৰী আৰু সমৰ্থ পৰ্টেল (“https://assam.samarth.ac.in/)-ৰ” কেইজনমান বিশেষভাৱে দায়িত্বপ্ৰাপ্ত বিষয়াৰ জৰিয়তে অধ্যাপকসকলৰ পদোন্নতিৰ নথি পৰীক্ষণ কৰা হয়। অভিযোগ অনুসৰি, বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে সঞ্চালক আৰু উপ-সঞ্চালকৰ হৈ নথি পৰীক্ষণ কৰি পদোন্নতিৰ যোগ্যতা নথকা অধ্যাপকসকলৰ তথ্যও সঠিক বুলি দেখুৱাই পদোন্নতিৰ অনুমোদন প্ৰদান কৰিছে।
আনকি, উচ্চ-শিক্ষা বিভাগত পদোন্নতিৰ নথি পৰীক্ষণৰ কামত গ্ৰেড-থ্ৰী পৰ্যায়ৰ কৰ্মচাৰীয়ে প্ৰভাৱ বিস্তাৰ কৰি সঞ্চালক আৰু উপ-সঞ্চালকক বিপথে পৰিচালিত কৰাৰ অভিযোগো উঠিছে। এনে কৰ্মচাৰীয়ে নিজৰ ইচ্ছা-অনিচ্ছা অনুসৰি পদোন্নতিৰ নথি পৰীক্ষণত হস্তক্ষেপ কৰি অহা বুলি অভিযোগ কৰা হৈছে।
আনহাতে, অসম কলেজ শিক্ষক সংস্থাই এই বিষয়ত মৌনতা অৱলম্বন কৰি অহাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।কলেজ অধ্যাপকৰ পদোন্নতিৰ সকলো বিষয় অসম চৰকাৰৰ উচ্চ-শিক্ষা বিভাগে জাৰি কৰা প্ৰসংগ No. AHE. 162/2012/Pt/47, Dated Dispur, 13th November, 2013; Ecf No. 391244/9, Dated Dispur, November, 2023 আৰু ECF No. 596423/26, Dated 13th June, 2025-ৰ অফিচ মেম’ৰেণ্ডাম অনুসৰি পৰীক্ষণ কৰা হয়। এই নথিসমূহত পদোন্নতিৰ যোগ্যতা আৰু অৰ্হতা সম্পৰ্কীয় নীতি-নিৰ্দেশনা স্পষ্টভাৱে উল্লেখ থকাৰ পাছতো কেনেদৰে এনে অনিয়ম সংঘটিত হ’বলৈ পাইছে, তাক লৈ শৈক্ষিক মহলত উচ্চ-শিক্ষা বিভাগৰ ভূমিকা আৰু ব্যৰ্থতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
সচেতন মহলে অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। লগতে, সকলো কথা জানি-বুজিও অনিয়মৰ মাজেৰে পদোন্নতি লাভ কৰা বা পদোন্নতি লাভৰ চেষ্টা কৰা অধ্যাপকসকলৰ বিৰুদ্ধে তদন্ত চলাই দোষী সাব্যস্ত হ’লে আইনৰ আওতালৈ আনি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।