Your Mic Your Voice

প্ৰদেশ কংগ্ৰেছৰ ৫২ জনীয়া ৰাজ্যিক সমন্বয়ৰক্ষী সমিতি ঘোষণা

0

গুৱাহাটী: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ‘সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ৰাজ্যিক সমন্বয়ৰক্ষী সমিতি’ গঠন কৰিছে।

unimex

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদনমৰ্মে ঘোষিত এই সমিতিখনত শৈলেন সোণোৱালক উপদেষ্টা, পলি হাজৰিকাক অধ্যক্ষ, প্ৰতীম সোণোৱালক সমন্বয়ক আৰু প্ৰাঞ্জল শইকীয়া তথা শিৱ বৰুৱাক যুটীয়া সমন্বয়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰি সমিতিখনত আন ৪৭ জন সদস্যসহ সৰ্বমুঠ ৫২ জন বিষয়ববীয়া তথা সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।

ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু লখিমপুৰ আদি বিভিন্ন জিলাৰ প্ৰতিনিধিসকলক সামৰি গঠন কৰা এই সমিতিখনে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলক কিদৰে জয়ী কৰাব পাৰি সেই লৈ ৰণনীতি যুগুত কৰিব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.

Translate »