Your Mic Your Voice

আৰক্ষীৰ জালত যোৰহাট কাণ্ডৰ অন্যতম অভিযুক্ত অংকিত দাস; চিকিৎসা পৰীক্ষা সম্পন্ন

0

অৱশেষত আৰক্ষীৰ জালত পৰিল যোৰহাট কাণ্ডৰ অন্যতম অভিযুক্ত অংকিত দাস । গ্ৰেপ্তাৰ কৰাৰ পাচতেই স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৰহাট চিকিৎসা হাস্পতাললৈ লৈ যোৱা হৈছে যোৰহাট কাণ্ডৰ অন্যতম অভিযুক্ত অংকিত দাসক । যোৰহাট সদৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহস্পতিবাৰৰ পুৱাই জিলাখনৰ মিলন নগৰৰ পৰা অন্যতম অভিযুক্ত অংকিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লক্ষণীয় যে, যোৰহাটৰ যুৱতীগৰাকীয়ে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱাৰ পাচৰে পৰা পলাতক হৈ আছিল অংকিত । আজি পুৱাই আৰক্ষীৰ জালত পৰা অংকিতৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । মৃত যুৱতীগৰাকীক অংকিতেই ড্ৰাগছ যওগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দাসৰ বিৰুদ্ধে ।

unimex

ৰহস্যজনক ঘটনাটো সংঘটিত হোৱাৰ পাচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল দুগৰাকী যুৱতীক আৰু এই দুগৰাকী যুৱতীৰ ভাষ্যৰ ভিত্তিতেই আৰক্ষীয়ে অংকিতক বিচাৰি অভিযান চলাইছিল আৰু এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাটত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা ১৮ বছৰীয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ বন্ধু-বান্ধৱীয়ে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছিল বহু চাঞ্চল্যকৰ তথ্য । আনকি ১৫ আগষ্টৰ পাৰ্টীত ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰিছে তাত উপস্থিত থকা দুই যুৱতীয়ে অভিযোগ অনুসৰি, মৃত যুৱতীগৰাকীয়ে অংকিত দাসৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.

Translate »