মুম্বাইত শোকাৱহ ঘটনা; পত্নী-সন্তানসহ মৃত অৱস্থাত উদ্ধাৰ নৌসেনাৰ জোৱান
মুম্বাইত চাঞ্চল্যকৰ ঘটনা । ভাৰতীয় নৌসেনাৰ এজন নাৱিকক তেওঁৰ পত্নী আৰু নিজ সন্তানৰ সৈতে মুম্বাইস্থিত গৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে । প্ৰাথমিক তথ্য অনুসৰি ঘটনাটো আত্মহত্যা বুলি সন্দেহ কৰা হৈছে ।
শোকাৱহ ঘটনাটোত নাৱিকজনৰ লগতে তেওঁৰ পত্নী আৰু দুমহীয়া আৰু এটি তিনি বছৰীয়া সন্তানৰ মৃত্যু ঘটে । উচ্চ নিৰাপত্তা বেষ্টনীযুক্ত নেভী নগৰত থকা নাৱিকজনৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহকেইটা । ঘটনাটোত মৃত্যুমুখত পৰে পুৰনমল শম্ভুলাল মেহৰা (৩০), তেওঁৰ পত্নী ওমা পুৰনমল মেহৰা (২৮ ), তেওঁলোকৰ পুত্ৰ যশ পুৰনমল মেহৰা (৩) আৰু তেওঁলোকৰ ২ মহীয়া কেঁচুৱা সন্তানটিক বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।
নাৱিকজনে আত্মহত্যা কৰাৰ বিপৰীতে পত্নী আৰু সন্তান দুটিৰ মৃত্যু বিষক্ৰিয়াৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।

চাৰিওটা মৃতদেহ মুম্বাইৰ জে জে হাস্পতাললৈ স্থানান্তৰ কৰা হয় । মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিৰ্ণয় কৰা হ’ব । শনিবাৰৰ নিশাৰ ভাগত এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
আৰক্ষী উপ আয়ুক্ত মনীষ কলৱানিয়াই ঘটনা সন্দৰ্ভত কয়, “প্ৰাথমিক তদন্তত নাৱিকজনে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে, আনহাতে বিষক্ৰিয়াই জোৱানজনৰ পত্নী আৰু সন্তানৰ মৃত্যুৰ কাৰণ যেন লাগে । তেওঁ লগতে কয় যে মৰণোত্তৰ পৰীক্ষা চলি আছে আৰু ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে ।
ভাৰতীয় নৌসেনাই এক বিবৃতিযোগে কয়, “কোলাবাৰ নৌ নগৰত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত ভাৰতীয় নৌসেনাৰ এজন নাৱিকক তেওঁৰ পত্নী আৰু দুটা সন্তানৰ সৈতে ২০২৬ চনৰ ১৫ আগষ্টৰ দিনা তেওঁলোকৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু ভাৰতীয় নৌসেনাই সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে ।”