Your Mic Your Voice

মেট্ৰ’ৰ ভিতৰতে যাত্ৰীয়ে ঘেৰাও কৰি ধৰিলে এজন CISF জোৱানক – কিন্তু কিয় ?

0

দিল্লী মেট্ৰ’ত শনিবাৰৰ মাজনিশা উত্তপ্ত পৰিস্থিতিৰ কেন্দ্ৰবিন্দু হৈ পৰে CISF জোৱানৰ স্মাৰ্টফোন । এইমছ মেট্ৰ’ ষ্টেচনত সংঘটিত হোৱা এই ঘটনাই পৰৱৰ্তী সময়ত তীব্ৰ বাক-বিতণ্ডালৈ পৰিণত হয় আৰু এই কাজিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু শনিবাৰৰ মাজনিশাৰ পৰা সমগ্ৰ দেওবাৰৰ দিনটো পৰ্যন্ত সামাজিক মাধ্যমত সেইটোৱে হৈ পৰে সৰ্বাধিক চৰ্চিত বিষয় ।

জানিব পৰা মতে, দিল্লী মেট্ৰ’ৰ ভিতৰত গভীৰ নিশা সংঘটিত হোৱা সংঘৰ্ষই যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে, কাৰণ CISF ৰ এজন জোৱানে এগৰাকী মহিলাক গোপনে ফটো তোলাৰ ফলতে পৰিস্থিতি উত্তপ্ত হৈ পৰে । আনকি দৰ্শকে CISF জোৱানজনৰ আচৰণক লৈ প্ৰশ্ন সোধাত জোৱাননে নিজৰ চাৰ্ভিচ পিষ্টলটো যাত্ৰীসকলৰ ফালে আঙুলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীসকলে ।

যাত্ৰীসকলে মহিলাগৰাকীৰ গোপনে তোলা ফটোসমূহ ডিলিট কৰিবলৈ দাবী জনায় আৰু এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’টো দেখা পোৱা গৈছে ।

উল্লেখ্য যে, মেট্ৰ’ আৰক্ষীৰ সূত্ৰই অস্ত্ৰ থকাৰ অভিযোগ পোনচাটেই নাকচ কৰিছে । তথাপিও ভাইৰেল ভিডিঅ’টোৱে এই কাজিয়া আৰু CISF ৰ জোৱানসকলৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।

unimex

CISF ৰ নিলম্বন, বিভাগীয় তদন্ত আৰম্ভ

CISF এ জনোৱা অনুসৰি অভিযুক্ত জোৱানজনক নিলম্বন কৰা হৈছে আৰু এই সন্দৰ্ভত বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে । মেট্ৰ’ আৰক্ষীয়ে জনোৱা মতে, পিচিআৰ ফোন পোৱাৰ পিছতে বিষয়াসকল সেই স্থানত উপস্থিত হয় । অৱশ্যে মহিলাগৰাকীয়ে কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই ।

আৰক্ষীয়ে লগতে কয় যে মহিলাগৰাকী আৰু অন্যান্য যাত্ৰীসকলে উত্থাপন কৰা অভিযোগৰ বিষয়ে চিআইএছএফ কৰ্তৃপক্ষক অৱগত কৰা হয় । সন্মতি অবিহনে মহিলা এগৰাকীৰ ফটো তোলাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীৰ লগতে প্ৰত্যক্ষদৰ্শীসকলে ।

CISF ৰ তদন্তৰ ফলাফল আৰু বিষয়টোত দাখিল কৰা যিকোনো অভিযোগৰ ওপৰত অধিক ব্যৱস্থা নিৰ্ভৰ কৰিব ।

Leave A Reply

Your email address will not be published.

Translate »