Your Mic Your Voice

কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় সন্মিলন

0

নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিবসকলক লৈ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত তথ্য, সম্প্ৰচাৰ, মিডিয়া আৰু সৃষ্টিশীল অৰ্থনীতিৰ ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে সন্মিলনত সভাপতিত্ব কৰি ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ সম্ভাৱনা ব্যৱহাৰৰ বাবে ৰাজ্যসমূহৰ নিজস্ব সাংস্কৃতিক শক্তি আৰু আঞ্চলিক প্ৰতিভাক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, সৃষ্টিশীল অৰ্থনীতিয়ে নিয়োগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু বিশ্ব পৰ্যায়ত ভাৰতৰ প্ৰভাৱ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

unimex

সন্মিলনত WAVES ২০২৭, WAVES Bazaar, WAVEX, Create in India Challenges, ৰাজহুৱা সেৱা সম্প্ৰচাৰ, লাইভ ইভেণ্ট, চলচ্চিত্ৰ শ্বুটিঙৰ অনুমতি, মিডিয়া আৰু প্ৰকাশন খণ্ডৰ ডিজিটেল ৰূপান্তৰ আদি বিষয়ত আলোচনা হয়।

ইয়াৰ লগতে ৰাজ্যসমূহত তথ্য আৰু জনসংযোগ বিষয়াসকলৰ সক্ষমতা বৃদ্ধি, PIB, ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগ, দূৰদৰ্শন আৰু আকাশবাণীৰ মাজত অধিক ঘনিষ্ঠ সমন্বয় আৰু ‘Orange Economy’ শক্তিশালী কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়।

সন্মিলনৰ জৰিয়তে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি আৰু মিডিয়া পৰিৱেশ তন্ত্ৰক অধিক শক্তিশালী কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বিতভাৱে কাম কৰাৰ এক ৰোডমেপ প্ৰস্তুতৰ ওপৰত গুৰুত্ব দিয়া হয়।

Leave A Reply

Your email address will not be published.

Translate »