Your Mic Your Voice

নগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ

0

নগাঁও: নগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মা, IAS-এ চৰকাৰী সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে। অসম চৰকাৰে তেওঁৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন গ্ৰহণ কৰাৰ পিছতে এই অৱসৰ কাৰ্যকৰী হৈছে।

জানিব পৰা মতে, কেইদিনমান পূৰ্বে দেবাশীষ শৰ্মাই সক্ৰিয় চৰকাৰী সেৱাৰ পৰা অৱসৰ লোৱাৰ ইচ্ছা প্ৰকাশ কৰি Voluntary Retirement Scheme (VRS)-ৰ বাবে আবেদন কৰিছিল। ৰাজ্য চৰকাৰে আবেদনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাত নগাঁৱৰ জিলা আয়ুক্ত হিচাপে তেওঁৰ কাৰ্যকালৰ অন্ত পৰে।

unimex

২০২৫ চনৰ ২৪ ডিচেম্বৰত অসম চৰকাৰে ঘোষণা কৰা বৃহৎ প্ৰশাসনিক ৰদ-বদলৰ সময়ত দেবাশীষ শৰ্মাক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

নগাঁৱলৈ অহাৰ পূৰ্বে তেওঁ মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব পালন কৰাৰ লগতে মুম্বাইস্থিত অসম হাউছৰ Resident Commissioner হিচাপেও সেৱা আগবঢ়াইছিল।

কেইবামাহ ধৰি নগাঁও জিলাৰ প্ৰশাসনিক মুৰব্বী হিচাপে দায়িত্ব পালন কৰাৰ পিছত তেওঁৰ এই স্বেচ্ছামূলক অৱসৰে প্ৰশাসনিক মহলত চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »