এছিয়ান গেমছত ইতিহাস: হকী খেলুৱৈ লালৰেমছিয়ামী আৰু লালথান্টলুৱাংলৈ ২৫ লাখকৈ পুৰস্কাৰ মিজোৰাম চৰকাৰৰ
এছিয়ান গেমছত ৪৪ বছৰৰ পিছত ভাৰতীয় মহিলা হকী দলে স্বৰ্ণ জয় কৰি ইতিহাস ৰচাৰ পিছত মিজোৰামত উৎসৱৰ পৰিৱেশ। এই ঐতিহাসিক জয়ৰ দুই নায়িকা মিজোৰামৰ লালৰেমছিয়ামী আৰু লালথান্টলুৱাংলৈ ২৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে মিজোৰাম চৰকাৰে।
মুখ্যমন্ত্ৰী লালদুহোমাই ছ’চিয়েল মিডিয়াত এই ঘোষণা কৰি কয়, “তেওঁলোকৰ অসাধাৰণ সাফল্যৰ স্বীকৃতি হিচাপে Mizoram Sports Incentives Cash Award Schemeৰ অধীনত দুয়োকে ২৫ লাখকৈ দিয়া হ’ব।”
ফাইনেলত কি হৈছিল?
জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত Aichi-Nagoya Asian Games 2026ৰ ফাইনেলত শুকুৰবাৰে ভাৰতে শক্তিশালী চীনক ১-০ গ’লত হৰুৱায়। খেলৰ ১০ মিনিটতে নিৰ্ণায়ক গ’লটো কৰে লালৰেমছিয়ামীয়ে। বিশেষ কথাটো হ’ল, এয়া আছিল তেওঁৰ ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ। এই জয়েৰে ভাৰতে ১৯৮২ৰ পিছত প্ৰথমবাৰ মহিলা হকীত স্বৰ্ণ জিকিলে আৰু ২০২৮ লছ এঞ্জেলছ অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিলে।

থেনজাওলৰ পৰা এছিয়ান গেমছলৈ:এই সাফল্য মিজোৰামৰ বাবে বিশেষ। কাৰণ লালৰেমছিয়ামী আৰু লালথান্টলুৱাং হৈছে এছিয়ান গেমছত পদক জয় কৰা মিজোৰামৰ প্ৰথম খেলুৱৈ, তাকো সোণৰ পদক। দুয়ো থেনজাওলৰ সৰু হকী একাডেমীৰ পৰা উঠি অহা।
ক্ৰীড়ামন্ত্ৰী লালনিংহ্লোভা হমাৰে কয়, “আমি অত্যন্ত গৌৰৱিত। থেনজাওলৰ দৰে সৰু একাডেমীৰ পৰা দুজন এছিয়ান গেমছৰ স্বৰ্ণজয়ী ওলোৱাটো আমাৰ Empowering Mizoram Sports আঁচনিৰ সফলতা।”
আজি ৰাজকীয় আদৰণি:
য়ো খেলুৱৈ আজি সোমবাৰ, ৫ অক্টোবৰত লেংপুই বিমানবন্দৰত উপস্থিত হ’ব। বিমানবন্দৰৰ পৰা চানমাৰী হৈ মুৱালপুইৰ R. Dengthuama Hallলৈ বাইক ৰেলী কৰি অনা হ’ব। আবেলি ৩ বজাৰ পৰা মুখ্যমন্ত্ৰীৰ উপস্থিতিত সম্বৰ্ধনা অনুষ্ঠান। ৰাইজক ৰাস্তাৰ দুয়োকাষে ওলাই আহি আদৰণি জনাবলৈ আহ্বান জনাইছে চৰকাৰে।