অসুস্থ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তী; স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে
অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তী । শুকুৰবাৰে তেওঁক চিকিৎসালয়ত সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ।

দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মিথুন চক্ৰৱৰ্তী । চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ সোঁহাতত অস্ত্ৰোপচাৰ কৰা হয় । কেইবাবছৰ আগতে মিথুন চক্ৰৱৰ্তী অস্ত্ৰোপচাৰ কৰিবলৈ গৈছিল । সেই সময়ত তেওঁ সোঁহাতত আঘাত পাইছিল । সেই সময়ত অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ হাতত প্লেট এখন সুমুৱাই দিয়া হৈছিল। সেই প্লেটখন এইবাৰ আঁতৰাই দিয়া হ’ল । তিনিদিন পূৰ্বে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে কয় যে তেওঁৰ শাৰীৰিক অৱস্থা এতিয়া ভাল। অৱশ্যে তেওঁক এতিয়াও পৰ্যবেক্ষণত ৰখা হৈছে। সকলো ঠিকে থাকিলে শনিবাৰে হস্পিতালৰ পৰা ৰিলিজ দিব পাৰে।
ফেচবুকত এটা আপডেট শ্বেয়াৰ কৰি অধিকাৰীয়ে লিখিছে, “প্ৰখ্যাত চলচ্চিত্ৰ অভিনেতা তথা বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সদস্য মিথুন চক্ৰৱৰ্তী শাৰীৰিক অসুস্থতাৰ বাবে কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে । আজি মই তেওঁক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিলো । তেওঁৰ সৈতে কথা পাতি তেওঁৰ শাৰীৰিক অৱস্থাৰ বুজ লৈছিলো । তেওঁৰ সোনকালে আৰোগ্য লাভৰ বাবে কৰুণাময় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।”