মেটাৰ ডাঙৰ ঘোষণা: AI ৰে শিশুৰ বেয়া কন্টেন্ট ৰোধ
মেটাই জনাইছে যে ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ভাৰতত ফেচবুক আৰু ইনষ্টাগ্ৰামত ৫৩ লাখ শিশু যৌন শোষণৰ কন্টেন্টৰ বিৰুদ্ধে ব্যৱস্থা লৈছে। ইয়াৰ ৯৮% তকৈ বেছি কন্টেন্ট ইউজাৰে ৰিপৰ্ট কৰাৰ আগতেই AI য়ে ধৰা পেলাইছে। বিশ্বজুৰি এই সংখ্যা ৩.৩২ কোটি।
যোৱা মাহত BBC Eye ৰ অনুসন্ধানত ভাৰতত ইনষ্টাগ্ৰামত পেইড বিজ্ঞাপনৰ জৰিয়তে শিশুৰ আপত্তিজনক কন্টেন্ট প্ৰচাৰ হোৱা ধৰা পৰিছিল। ইয়াৰ পিছত ভাৰত চৰকাৰে মেটাক কঠোৰ সকীয়নি দিছিল আৰু আইনী ব্যৱস্থাৰ কথা কৈছিল। এই বেকলেছৰ পিছতেই মেটাই নতুন AI চিষ্টেম অনাৰ কথা ঘোষণা কৰিছে।
অপৰাধীয়ে কেনেকৈ কাম কৰে?
মেটাৰ মতে, এতিয়া অপৰাধীয়ে পোনপটীয়াকৈ বেয়া ফটো-ভিডিঅ’ নিদিয়ে। তেওঁলোকে দেখাত নিৰীহ, ধুনীয়া যেন লগা বিজ্ঞাপন দিয়ে। কিন্তু সেই বিজ্ঞাপনত ক্লিক কৰিলে বাহিৰৰ আন বেয়া ৱেবছাইটলৈ লৈ যায়। ইয়াক “Signposting” বুলি কোৱা হৈছে।
মেটাৰ ৫ টা নতুন অস্ত্ৰ:

১. LLM Detection:নতুন Large Language Model ব্যৱহাৰ কৰি এনে নিৰীহ যেন লগা বিজ্ঞাপনৰ আঁৰৰ বেয়া উদ্দেশ্য ধৰা পেলাব।
২. Ad Transparency আৰু Destination Check:এতিয়া মেটাই কেৱল বিজ্ঞাপনটো কি দেখাইছে তাকে নাচায়, সেই বিজ্ঞাপনে মানুহক ক’লৈ লৈ যায়, সেই লিংকটোও চেক কৰিব। বেয়া ৱেবছাইট হ’লে তৎক্ষণাৎ ব্লক কৰিব।
৩. AI Sweeps:পুৰণি বিজ্ঞাপনবোৰ যিবোৰ আগৰ চিষ্টেমে ধৰিব পৰা নাছিল, সেইবোৰ নতুন AI ৰে আকৌ এবাৰ চাফা কৰা হ’ব।
৪. Red-teaming AI Agent:এটা বিশেষ AI এজেন্টে নিজেই হেকাৰৰ দৰে চেষ্টা কৰি চাব মেটাৰ সুৰক্ষাত ক’ত ফাঁক আছে। যাতে অপৰাধীয়ে সুবিধা লোৱাৰ আগতেই সেই ফাঁক বন্ধ কৰিব পৰা যায়।
৫. বাৰে বাৰে একাউণ্ট খোলা বন্ধ:এজনক ব্লক কৰাৰ পিছত তেওঁ নতুন নামত, নতুন একাউণ্ট খুলিলেও AI য়ে ধৰা পেলাব আৰু লগে লগে বন্ধ কৰি দিব।
মেটাই কৈছে – “শিশুৰ সুৰক্ষা আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। এই যুঁজ কেতিয়াও শেষ নহয়।”