ন-ৰূপেৰে উজ্বলি উঠিব ৰাজ্যৰ একমাত্ৰ শক্তিপীঠ কামাখ্যা মন্দিৰ । আৰম্ভ হৈছে কামাখ্যা কৰিড’ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ । বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উচ্চ ন্যায়ালয়ত আইনী বাধা সমাধান হোৱাৰ পিছতে কামাখ্যা মন্দিৰ কৰিড’ৰৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয় ।
মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰাৰ পাচতে শুকুৰবাৰে মন্দিৰৰ মূল পথৰ পৰা বহুকেইখন দোকান-পোহাৰ আঁতৰাই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী উত্তৰ-পূৱ উন্নয়নমূলক আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো । ৪৯৮ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই ঐতিহাসিক কামাখ্যা কৰিড’ৰ । মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ঘোষণা কৰাৰ পাচতে গুৱাহাটীৰ নীলাচল পাহাৰত ‘মা কামাখ্যা দিব্য পৰিযোজনা’ বা কামাখ্যা কৰিড’ৰৰ প্ৰাৰম্ভিক কাম আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে । ৰাজ্য চৰকাৰ, মন্দিৰ কমিটী আৰু স্থানীয় ৰাইজৰ মাজত হোৱা আলোচনাৰ পাছতেই নীলাচল পাহাৰত আৰম্ভ হৈছে এই কাম ।
উল্লেখ কৰা প্ৰয়োজন যে, বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰৰ চৌপাশক অনন্য ৰূপ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে বিশেষ পৰিকল্পনা 2023 বৰ্ষতে আৰম্ভ কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া কাৰ্যকৰী হৈ উঠা নাছিল । আনকি আদালতেও এইক্ষেত্ৰত হস্তক্ষেপ কৰিবলগীয়া হৈছিল । ইয়াৰ লগতে, অসম চৰকাৰৰ কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণত সহযোগিতা আগনবঢ়োৱাৰ হুংকাৰ দিছিল জূনা আখাৰাৰ সাধুসকলে । সাধু-সন্তসকলৰ বিশ্বাস অনুসৰি, বছৰ বছৰ জোৰা তপস্যাৰ বলত যি ফল পোৱা যায়, সেই ফল কামাখ্যা ধামলৈ আহিলে কম সময়ৰ ভিতৰতে লাভ কৰা যায় । সেয়ে কোনো কাৰণতে কামাখ্যা ধামত একচেছ কৰিড’ৰ নিৰ্মাণ হ’বলৈ নিদিয়াৰ হুংকাৰ সেই সময়তে দিছিল সাধু-সন্তসকলে ।

