Your Mic Your Voice

ৱাংচুকৰ কাষত বলিউডৰ বহু নামী-দামী তাৰকা, প্ৰতিবাদস্থলীত উপস্থিত হ’ল প্ৰকাশ ৰাজ, স্বৰা ভাস্কৰ

0

আজি ২০ টা দিনে দিল্লীৰ যন্তৰ-মন্তৰত আমৰণ অনশন অব্যাহত ৰাখিছে সক্ৰিয় জলবায়ু কৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে । NEET-UG পেপাৰ ফাদিল হোৱা ঘটনাৰ বিৰোধিতা কৰি তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি আন বহু প্ৰতিবাদকাৰীৰ সৈতে ২৮ জুনৰ পৰা অনশনত বহিছে বিজ্ঞানীগৰাকী । বিজ্ঞানীগৰাকীৰ এই অনশনৰ প্ৰতি হিন্দী ছবি জগতৰ বহু নামী-দামী তাৰকাই সমৰ্থন আগবঢ়াইছে । ছবি জগতৰ গৰিষ্ঠসংখ্যক তাৰকাই এই সমগ্ৰ বিষয়টোত মৌনতা অৱলম্বন কৰিছে যদিও জ্যেষ্ঠ অভিনেত্ৰী জিনত আমন,শ্বাবানা আজমী,নাছিৰুদ্দিন শ্বাহ,প্ৰকাশ ৰাজৰ লগতে বিশাল দাদলানি অভয় দেওল, স্বৰা ভাস্কৰ, সোনাক্ষী সিনহা আৰু ওমি বৈদ্য আদি নামী-দামী তাৰকাই সক্ৰিয় কৰ্মীজনলৈ সমৰ্থন আগবঢ়াইছে ।

ইয়াৰোপৰি, এইসকল নামী-দামী তাৰকাই বিজ্ঞানীগৰাকীৰ স্বাস্থ্যক লৈও উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে । একেমুখে ৱাংচুকৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে এইসকলে চৰকাৰক শান্তিপূৰ্ণভাৱে আলোচনাত লিপ্ত হ’বলৈও আহ্বান জনাইছে । 

উল্লেখ কৰা প্ৰয়োজন যে ব্যতিক্ৰমী অভিনয়ৰে দৰ্শকৰ মনত বিশেষ সাঁচ বহুৱাবলৈ সক্ষম হোৱা অভিনেত্ৰী স্বৰা ভাস্কৰে দিল্লীৰ উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ ৱাংচুকক ব্যক্তিগতভাৱে লগ কৰিছিল । চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপ আৰু অদিতি ৰাও হাইদাৰী, ফাতিমা সনা শ্বেখ, ইমৰাণ খান আদি অভিনেতাসকলে সামাজিক মাধ্যমযোগে সোণমৰ কুশল কামনা কৰিছে । বলিউডৰ লগতে চুটি পৰ্দাৰ একাংশ অভিনেত্ৰী-অভিনেত্ৰীয়েও সোণমলৈ সমৰ্থন কৰিছে । 

unimex

লণ্ডনত আমিৰ খান

লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত এসময়ৰ জনপ্ৰিয় বোলছবি ‘লগান’ৰ প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত অভিনেতা আমিৰ খানে সোণম ৱাংচুক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিয়ে । সোণম ৱাংচুকৰ অনশন সন্দৰ্ভত আমিৰ খানে ছবিৰ প্ৰসংগ এৰি এই আন্দোলনকাৰীগৰাকীৰ স্বাস্থ্যৰ ওপৰতহে গুৰুত্ব দিয়ে । তেওঁ কয়, “আমি সকলোৱে তেওঁৰ স্বাস্থ্য আৰু জীৱনক লৈ যথেষ্ট চিন্তিত । আমি আশা কৰিছোঁ যাতে সকলো সুকলমে শেষ হয় । আমি সকলোৱে বিচাৰো যে তেওঁ যেন এই অনশন ভংগ কৰে ।”

সমান্তৰালভাৱে খানে ছুপাৰহিট বোলছবি 3 Idiots ৰ মূল চৰিত্ৰ ‘ৰাঞ্চো’ বিজ্ঞানী তথা উদ্ভাৱক সোণম ৱাংচুকৰ জীৱনৰ ওপৰত আধাৰিত বা অনুপ্ৰাণিত নাছিল স্পষ্ট কৰি দিয়ে । মানুহৰ মাজত চলি থকা ধাৰণাটো সম্পূৰ্ণ ভুল তথা সেয়া কেৱল অপপ্ৰচাৰহে বুলি খানে অনুষ্ঠানটোত উল্লেখ কৰে ৷

Leave A Reply

Your email address will not be published.

Translate »