দেওবাৰেও খোলা থাকিব কেইবাটাও চৰকাৰী কাৰ্যালয়
নলবাৰী: দেওবাৰে চৰকাৰী বন্ধ উপভোগ কৰিব নোৱাৰিব নলবাৰী জিলাৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে। ১৩ আৰু ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তৰ সন্মিলনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় দেওবাৰেও খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰিছে নলবাৰী জিলা প্ৰশাসনে।
বৃহস্পতিবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু প্ৰতিটো বিভাগীয় মুৰব্বীৰ কাৰ্যালয় দেওবাৰে খোলা থাকিব।

জিলা আয়ুক্তৰ সন্মিলনৰ সময়ত বিভিন্ন বিভাগৰ পৰা জৰুৰী তথ্য, প্ৰতিবেদন আৰু অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ তাৎক্ষণিকভাৱে বিচৰা হ’ব পাৰে। সেয়েহে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক কাৰ্যালয়ত উপস্থিত থাকি প্ৰয়োজনীয় তথ্য আৰু নথি-পত্ৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
সন্মিলন সফলভাৱে সম্পন্ন কৰাৰ লগতে প্ৰয়োজনীয় তথ্য-পাতি তাৎক্ষণিকভাৱে উপলব্ধ কৰাৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।