অসমৰ প্ৰতিবাদকাৰীক লক্ষ্য কৰি অৰুণাচল প্ৰশাসনৰ শূন্যলৈ গুলীচালনা; শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ
বিগত ১০ আগষ্টৰ দিনা অসম-অৰুণাচল সীমান্তত পৰিলক্ষিত হৈছিল ভূমিকেন্দ্ৰিক বিবাদ । ইয়াৰ পাচতেই দিনক দিনে অধিক উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্ত । এই ঘটনাৰ পাচতেই সীমান্তবাসী কেইবাটাও সংগঠনে সমস্যাৰ সমাধান দাবী কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই প্ৰতিবাদস্থলী ইমানেই উত্তপ্ত হৈ পৰে যে বৃহস্পতিবাৰৰ পুৱাৰ ভাগত প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ অৰুণাচল আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷
অৰুণাচলৰ আগ্ৰাসী নীতিৰ বিৰুদ্ধে বিৰুদ্ধে মিচিং ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাঙ চমুকৈ TNPK এ অনিৰ্দিষ্টকাললৈ গ্ৰহণ কৰিছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী । বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ অৱৰোধ অৱৰোধ কাৰ্যসূচীত অসম–অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । অৰ্থনৈতিক অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা লোকসকলক লক্ষ্য কৰি অৰুণাচল প্ৰদেশ আৰক্ষীয়ে চাৰিবাৰকৈ গুলীচালনা কৰে ।
বৰ্তমান সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি অব্যাহত থকাৰ লগতে যিকোনো সময়তে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে স্থানীয় বিভিন্ন এলেকাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । যাৰ ফলত বুধবাৰৰ পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰিলক্ষিত হৈছে তীব্ৰ যান-জঁট । যান-বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৰাজপথত ।
উল্লেখ্য যে, অসমীয়াক লক্ষ্য কৰি গুলীচালনা কৰা অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত এই অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীসকলে তীব্ৰ ভাষাৰে অৰুণাচল চৰকাৰৰ ভূমিকাক সমালোচনা কৰাৰ লগতে চাৰিদিন উকলি যোৱাৰ পিছতো অভিযুক্ত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত সংশ্লিষ্ট প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অৰুণাচল আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পাচতে সামাজিক মাধ্যমত এটা পোষ্ট দি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ” অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয় । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি আমাৰ দুয়োখন ৰাজ্যৰ মানুহে ভাই-ভনীৰ দৰে মৰম, আন্তৰিকতা আৰু পাৰস্পৰিক সন্মানেৰে একেলগে বাস কৰি আহিছে । শেহতীয়া বছৰসমূহত আমি আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে আমাৰ সীমা সম্পৰ্কীয় অধিকাংশ সীমান্ত সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ । এতিয়া মাত্ৰ ৫২খন গাঁৱক লৈ বিষয়টো বাকী আছে ৷ দুয়োখন চৰকাৰে একেধৰণৰ বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ মনোভাবেৰে আলোচনা অব্যাহত ৰাখি এই বিবাদ সম্পূৰ্ণৰূপে সমাধানৰ বাবে কাম কৰি যাব ।”

ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “সীমাই কেৱল দুখন ৰাজ্যৰ ভৌগোলিক স্থিতিহে নিৰ্ণয় কৰে, প্ৰতিবেশীৰ হৃদয়ৰ সম্পৰ্কত প্ৰভাৱ পেলাব নোৱাৰে । গতিকে অসম আৰু অৰুণাচলৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আন্তৰিক আহ্বান জনাইছোঁ ।”