দহ ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্তত জীৱন্তে উদ্ধাৰ চালক
তামাৰহাট: শ্ৰীৰামপুৰ–ফুলবাৰী সংযোগী ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰ্বতঝৰা অঞ্চলৰ মোৱামাৰীত দেওবাৰে নিশা দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত এজন চালক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছত প্ৰায় দহ ঘণ্টা ধৰি ডাম্পাৰৰ ভিতৰত আৱদ্ধ হৈ থকা চালকজনক অৱশেষত সোমবাৰে জীৱন্তে উদ্ধাৰ কৰা হয়।
জানিব পৰা মতে, এখন শিলভৰ্তি ডাম্পাৰ আৰু এখন খালী ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ডাম্পাৰ দুখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ তল অংশলৈ বাগৰি পৰে। দুৰ্ঘটনাত শিলভৰ্তি ডাম্পাৰখনৰ চালকজন ডাম্পাৰৰ ভিতৰত আৱদ্ধ হৈ পৰে।
আৱদ্ধ চালকজন তামাৰহাট থানাৰ অন্তৰ্গত কছাৰীগাঁৱৰ ছবুৰুদ্দিন বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। প্ৰায় দহ ঘণ্টীয়া অভিযানৰ অন্তত তেওঁক ডাম্পাৰৰ ভিতৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয়।

গুৰুতৰভাৱে আহত ছবুৰুদ্দিনক সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, এখন ডাম্পাৰ গোলকগঞ্জৰ পৰা শ্ৰীৰামপুৰ অভিমুখে গৈ আছিল। আনখন ডাম্পাৰ শিল কঢ়িয়াই গৈ আছিল। দুৰ্ঘটনাৰ সঠিক কাৰণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে।
দুৰ্ঘটনাত পতিত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে NL 01 AH 5176 আৰু NL 01 AF 4033।