Your Mic Your Voice

দিল্লীত CJPৰ প্ৰতিবাদৰ মাজতে অৰবিন্দ কেজৰিৱালক আটক

0

দিল্লীত CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত Cockroach Janata Party (CJP) ৰ আহ্বানত চলা প্ৰতিবাদত তীব্ৰ উত্তেজনা।

শনিবাৰে পুৱাৰে পৰা মধ্য দিল্লীত কটকটীয়া নিৰাপত্তা। যন্তৰ-মন্তৰ অভিমুখী সকলো পথ বন্ধ, মেট্ৰ’ ষ্টেচনো বন্ধ ৰখা হৈছে।

AAP ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহৰ বাহিৰৰ পৰা আটক কৰা হয়। আটকৰ পিছত ভিডিঅ’ বাৰ্তাত তেওঁ কয় – “দেশৰ যুৱক সাৰ পাইছে, মোডীৰ একনায়কত্ববাদক আমি ভয় নকৰো, জ্ঞানেশ কুমাৰে পদত্যাগ কৰিবই লাগিব।”

unimex

একেলগে TMC নেত্ৰী মমতা বেনাৰ্জীকো South Avenue ত বাছ ষ্টপত বহি প্ৰতিবাদ কৰাৰ সময়ত আটক কৰা হয়। ডেৰেক ও’ব্ৰায়েন, ডোলা সেন সহ ৫ গৰাকী সাংসদক আৰক্ষীৰ বাছত তুলি নিয়া হয়। মমতাই মুখত বেণ্ডেজ লগাই প্ৰতিবাদ কৰে।

আনহাতে প্ৰাক্তন কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, মাণিক চৰকাৰকো আটক কৰা হৈছে। CJP ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকে, সৌৰভ দাস, আশুতোষ ৰাংকাক দিল্লী বিমানবন্দৰৰ ভিতৰত বিমানৰ পৰা নামিয়েই আটক কৰা হয়।

প্ৰায় ১৫০০ ৰো অধিক CJP সমৰ্থকক দিল্লীৰ বিভিন্ন স্থানৰ পৰা আটক কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে জনাইছে। SIR আৰু ভোট চুৰিৰ অভিযোগক লৈ এই প্ৰতিবাদ।

Leave A Reply

Your email address will not be published.

Translate »