Your Mic Your Voice

CEC বিৰোধী প্ৰতিবাদ AISA ৰ অভিযোগ- নেহা বৰা সহ কৰ্মীক নিৰ্জন কোঠাত ৰখা হৈছে, মুম্বাইত আৰক্ষীৰ সৈতে সংঘৰ্ষ

0

দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলা প্ৰতিবাদ অব্যাহত আছে।

AISA ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই অভিযোগ কৰিছে যে তেওঁক আটক কৰাৰ পিছত এটা ব্যক্তিগত গাড়ীত অকলে বহুৱাই নিৰ্জন স্থানলৈ নিয়া হৈছিল। গাড়ীত এগৰাকীও মহিলা আৰক্ষী নাছিল। প্ৰতিবাদকাৰীয়ে গাড়ীখন ১ ঘণ্টালৈ ৰখাই দিয়ে, মহিলা প্ৰতিবাদকাৰীয়ে গাড়ীৰ ছাদত উঠি প্ৰতিবাদ কৰে।

unimex

AISA ৰ দাবী মতে, দিল্লীত প্ৰায় ১০০০ লোকক আটক কৰি বিভিন্ন থানালৈ নিয়া হৈছে। ইয়াৰ পিছতো ৩ অক্টোবৰ আৰু ৪ অক্টোবৰত পুনৰ ইণ্ডিয়া গেটৰ পৰা যন্তৰ-মন্তৰলৈ প্ৰতিবাদী সমদল উলিওৱা হয়, য’ত প্ৰায় ৩০০০ লোক অংশ লয়।

আনফালে মুম্বাইৰ আগষ্ট ক্ৰান্তি ময়দানতো প্ৰতিবাদ হয়। মুম্বাই আৰক্ষীয়ে ৪০০ ৰো অধিক লোকক আটক কৰিছে। অভিনেতা ইমৰান খান, তুষাৰ গান্ধীকো আটক কৰা হৈছে। আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতি হৈছে।

এই প্ৰতিবাদ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) আৰু ১৩ কোটি ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ আৰম্ভ হৈছে।

Leave A Reply

Your email address will not be published.

Translate »