Your Mic Your Voice

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত শিশুসহ মৃত্যু ৯ জনৰ

0

পশ্চিমবংগৰ কলকাতাৰ এখন হোটেলত বুধবাৰৰ পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয় । বুধবাৰে পুৱতি নিশা কলকাতাৰ এখন হোটেলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত শিশুসহ কমেও ৯ জন লোকৰ মৃত্যু হয় ।

চহৰখনৰ অন্যতম ব্যস্ত আৰু ঘন জনবসতিপূৰ্ণ অঞ্চল নিউ মাৰ্কেটৰ ওচৰৰ ফ্ৰী স্কুল ষ্ট্ৰীটত পুৱা প্ৰায় ২ বজাত এই অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ পৰে । উদ্ধাৰকাৰী দলে ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।

অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি এই অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ ভিতৰত বাংলাদেশী নাগৰিকও আছে । জানিব পৰা মতে, বিদেশী নাগৰিকসকল চিকিৎসাৰ বাবে কলকাতাত আছিল । প্ৰাৰম্ভিক খবৰ অনুসৰি হোটেলখনৰ তৃতীয় মহলাত এই অগ্নিকাণ্ড সংঘটিত হৈছিল । অৱশ্যে এই ঘটনাৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই ।

unimex

অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত চাৰিটা অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হোৱাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা দল এটাও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই লৈ যোৱাৰ লগতে জুই নিয়ন্ত্ৰণলৈ আনিবলা সক্ষম হৈছিল ।

এগৰাকী আৰক্ষী বিষয়াই ঘটনাটো সন্দৰ্ভত কয়, “ধোঁৱাময় হৈ পৰাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে চিৰি বগাই ওপৰৰ মহলাত উপনীত হোৱাত অসুবিধা হৈছিল । ৯ জন লোকৰ মৃত্যু হৈছে বৰ্তমান পৰ্যন্ত । অধিক মৃত্যুৰ আশংকা কৰা হৈছে।”

লক্ষণীয় যে পশ্চিম বংগৰ বীৰভূম জিলাৰ এখন হোটেলত পুনৰ মাৰাত্মক অগ্নিকাণ্ড সংঘটিত হোৱাৰ মাত্ৰ দুদিন পিছতে কলকাতাৰ এইখন হোটেলত অগ্নিকাণ্ড সংঘটিত হৈছে ।

Leave A Reply

Your email address will not be published.

Translate »