বানাক্ৰান্তক সহায়-লোকপিয়লত সূক্ষ্ম দৃষ্টি ৰখাৰ আহ্বান অসম কংগ্ৰেছৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ অধ্যক্ষতাত বুধবাৰে জিলা কংগ্ৰেছ কমিটিসমূহৰ সভাপতিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত সাংসদ ৰকিবুল হুছেইন আৰু অসম বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়েও অংশগ্ৰহণ কৰে ।

বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বানাক্ৰান্ত ৰাইজক যাৱতীয় সহায়-সহযোগিতা আগবঢ়াবলৈ সকলো জিলা কংগ্ৰেছকে আহ্বান জনায় । বিশেষকৈ বানপানী শুকোৱাৰ পিছত নামঘৰ, মন্দিৰ, মছজিদ, শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰ আদি ৰাজহুৱা প্ৰতিষ্ঠানসমূহত জমা হৈ থকা পলস আৰু বোকা পৰিষ্কাৰ কৰিবলৈ জিলা কংগ্ৰেছসমূহৰ তৰফৰ পৰা স্বেচ্ছাসেৱকৰ দল প্ৰেৰণ কৰিবলৈ গগৈয়ে অনুৰোধ জনায় । ইয়াৰ উপৰিও, শ্ৰমদান আৰু আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে যিবোৰ জিলাত অতিৰিক্ত কঠীয়া উপলব্ধ আছে, সেইসমূহ উজনি অসমৰ বানপীড়িত অঞ্চললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ আৰু কঠীয়াসমূহ ৰুবৰ বাবে ৰোৱনীৰ ব্যৱস্থা কৰিবলৈ জিলা কংগ্ৰেছ কমিটিসমূহক নিৰ্দেশ দিয়া হয় । যিসমূহ জিলা কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে উজনিৰ বানবিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান কৰিছে বা শ্ৰমদান কৰিছে, তেওঁলোকক সভাপতিগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
ইফালে, শেহতীয়াকৈ আৰম্ভ হ’বলগীয়া লোকপিয়ল প্ৰক্ৰিয়াত তীক্ষ্ণ আৰু সূক্ষ্মভাৱে দৃষ্টি ৰাখিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সকলোকে আহ্বান জনায় । এই সংক্ৰান্তত প্ৰত্যেকটো ব্লক কংগ্ৰেছকে অতি সক্ৰিয়ভাৱে কাম কৰি যাবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰে । জিলা কংগ্ৰেছ কমিটিসমূহৰ সভাপতি, সাধাৰণ সম্পাদক আৰু একাংশ জিলা সম্পাদকো উপস্থিত থাকে এই বৈঠকত ।