Your Mic Your Voice

অসম-অৰুণাচল ভূমি বিবাদ: আহতসকললৈ ২ লাখ টকাৰ সাহায্য চৰকাৰৰ

0

অসম-অৰুণাচলৰ ভূমি বিবাদক কেন্দ্ৰ কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা লোকক সাহায্য প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে আজি আঘাতপ্ৰাপ্ত ১১ জন ব্যক্তিলৈ ২ লাখ টকাৰ সাহায্য আগবঢ়ায় । এই কথা সামাজিক মাধ্যমযোগে জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা প্ৰকাশ কৰি পেগুৱে উল্লেখ কৰে, “HCM ৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা @himantabiswa । ১০ আগষ্টত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ধেমাজি জিলাৰ মিং মাং জিপিৰ বডোটি গাঁৱত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত আহত হোৱাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে । ​শুকুৰবাৰে ​আহত লোকসকলৰ হাতত সাহায্যৰ চেক প্ৰদান কৰা হ’ব ।

unimex

মুখ্যমন্ত্ৰীৰ পৰা সাহায্য লাভ কৰিছে আহত উৎপল দলে, ভাইজান দলে, পেম পেগু, বিতোপন দলে, বিগেশ্বৰ পাটিৰ, বিষ্ণু পেগু, লক্ষ্মী প্ৰসাদ লাগাচু, ৰাকেশ দলে, সঞ্জয় টায়ু, ৰোহিত দলে আৰু ৰাকেশ লাগাচু

উল্লেখ কৰা প্ৰয়োজন যে, ১০ আগষ্টৰ দিনা অসমীয়াক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰিছিল আৰু তাৰপাচতেই উত্তপ্ত হৈ পৰিছিল অসম-অৰুণাচলৰ পৰিস্থিতি । আনকি TMPK ৰ স্থানীয় সংগঠনে অৰুণাচল প্ৰশাসনে দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত সীমান্তত অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচীও গ্ৰহণ কৰিছিল যদিও বৃহস্পতিবাৰে প্ৰতিবাদকাৰীসকলে সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয় অৱৰোধ কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে তীব্ৰ ভাষাৰে অৰুণাচল চৰকাৰৰ ভূমিকাক সমালোচনা কৰাৰ লগতে চাৰিদিন উকলি যোৱাৰ পিছতো অভিযুক্ত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত সংশ্লিষ্ট প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিয়া পৰিলক্ষিত হৈছিল । পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে অৰুণাচল প্ৰশাসনক ৪৮ ঘণ্টাৰ সময়সীমা দি আন্দোলনকাৰীসকলে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.

Translate »