উত্তপ্ত অসম-অৰুণাচল সীমান্ত: অৰুণাচলীৰ গুলীত আহত ৮ জনকৈ লোকৰ
পুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্ত । অৰুণাচলৰ লোয়াৰ ছিয়াং জিলাত এজন অচিনাক্ত ব্যক্তিয়ে মিছিং যুৱকক গুলীয়াই হত্যা কৰাৰ অভিযোগত অসম-অৰুণাচল সীমান্তত উত্তেজনা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতে অসমৰ ধেমাজি জিলা আৰু চুবুৰীয়া লোয়াৰ ছিয়াঙৰ লোকৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু এই ঘটনাই স্পৰ্শকাতৰ সীমান্ত অঞ্চলটোত উদ্বেগ বৃদ্ধি কৰিছে ।
জানিব পৰা মতে, শনিবাৰে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমিত বেদখল কৰিবলৈ চেষ্টা কৰিছিল ৷ ভূমি বেদখলকাৰী অৰুণাচলী দুৰ্বৃত্তৰ এই কাণ্ডত বাধা দিয়ে অসমৰ কেইবাগৰাকীও লোকে ৷ যাৰ বাবে দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ ইয়াৰ পাছতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ লোকসকলক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে ।
উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাৰ পাচতে সীমান্তৱৰ্তী অঞ্চলত মিছিং আৰু গালো সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । অৰুণাচলীয়ে গুলীচালনা কৰাৰ ফলত অসমৰ ৮ জনকৈ লোক আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

আহতকেইজন হৈছে সঞ্জয় টায়ুং, দুৰ্গেশ্বৰ পাতিৰ, ৰোহিত দলে, নাগৰাজ দলে, পামে পেগু, উৎপল দলে, জান দলে আৰু বিজ্ঞেশ্বৰ পাতিৰ । আহতসকলক প্রথমতে ভৰ্তি কৰোৱা হয় গোগামুখ গ্রাম্য চিকিৎসালয়ত । ইয়াৰে সাতজনক সংকটজনক অৱস্থাত ধেমাজিলৈ প্রেৰণ কৰা হৈছে ।
ইফালে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অসম-অৰুণাচল সীমান্তত উত্তেজনাই বিৰাজ কৰিছে । আনহাতে দুয়োখন ৰাজ্যৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৷
মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ইফালে অসম অৰুণাচল সীমান্তত সংঘটিত হোৱা ভয়ংকৰ গুলীচালনাৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অৰুণাচলী দুৰ্বৃত্তৰ গুলীত অসমৰ কেইবাগৰাকী লোক আহত হোৱা ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে ৷ বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে । ডিজিপিও আলোচনা কৰি আছে । উত্তেজনাময় পৰিৱেশ শান্ত হোৱাৰ পাচত নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল’ব লাগিব । মই অসম আৰক্ষীক নিৰ্দেশ দিছো, কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক’তো এৰি দিবলগীয়া নহয় । অৰুণাচলীৰ দুৰ্বৃত্তৰ গুলীত আহত হোৱা অসমৰ আটাইকেইগৰাকী লোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব ।”