অধ্যাপক ড° ৰঞ্জন কুমাৰ ভট্টৰ ‘অসমীয়া নেপালী’ নামৰ গ্ৰন্থৰ উন্মোচন
ড° ৰঞ্জন কুমাৰ ভট্টৰদ্বাৰা ৰচিত ‘অসমীয়া নেপালী’নামৰ গ্ৰন্হখন ১৬ মে’ত তেজপুৰত বৰচলা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ঋতু বৰণ শৰ্মাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে ৷ ‘অসমীয়া নেপালী’ গ্ৰন্হখনৰ ৰচক ড° ৰঞ্জন কুমাৰ ভট্ট গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ তথা মুৰব্বী অধ্যাপক ৷ ‘অসমীয়া নেপালী’ গ্ৰন্থখনত বিশেষকৈ অসমত বসবাস কৰা নেপালী সম্প্ৰদায়ৰ বাসিন্দাসকলৰ জীৱন শৈলীৰ প্ৰতিফলন ঘটিছে ৷ অসমৰ নেপালীসকলৰ ইতিহাস , জীৱন শৈলী , সাজপাৰ , ৰন্ধন প্ৰণালী , উৎসৱ-অনুষ্ঠান , নৃত্য-গীত ইত্যাদিৰ বিষয়ে লিখক ড° ৰঞ্জন কুমাৰ ভট্টই আলোচনা কৰিছে ৷ আশা কৰা হৈছে ‘অসমীয়া নেপালী ‘ গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক পথ প্ৰদৰ্শন কৰিব ৷