ভাৰতীয় সময় অনুসৰি 15 জুলাইৰ দিনা আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত হয় ফিফা বিশ্বকাপ 2026 বৰ্ষৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ । এইখন ৰোমাঞ্চকৰ মেচত আৰ্জেণ্টিনাই জয়লাভ কৰে আৰু ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেললৈ নিজৰ স্থান নিশ্চিত কৰে ৷ আৰ্জেণ্টিনাই দেওবাৰে ফাইনেলত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷
বুধবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমি ফাইনেল মেচত ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত এখন হাই ভল্টেজ মেচ অনুষ্ঠিত হয় ৷ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ প্ৰাণপনে শক্তি-কৌশল প্ৰদৰ্শন কৰে মেছিৰ দলটোৱে ৷ দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে কঠিন যুঁজত অৱতীৰ্ণ হৈছিল যদিও অন্তিম মুহূৰ্তত আৰ্জেণ্টিনাই প্ৰত্যাৱৰ্তন কৰে আৰু 2026 বৰ্ষৰ বিশ্বকাপ ফাইনেললৈ নিজৰ স্থান নিশ্চিত কৰে ৷
প্ৰথমাৰ্ধত দুয়োটা শক্তিশালী দলেই গ’ল দিব পৰা নাছিল ৷ খেলখনৰ ৫৫ মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথমটো গ’ল দিয়ে আৰু ইয়াৰ পিছৰ ৩০ মিনিট পৰ্যন্ত আৰ্জেণ্টিনাই কোনো গ’ল দিবলৈ সক্ষম হোৱা নাছিল । যিয়ে দলটোৰ অনুৰাগীসকলক হতাশাত ভুগাইছিল ৷ আনহাতে, ছয় দশকৰ পাচত ইংলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰাটো নিশ্চিত যেন পৰিলক্ষিত হোৱাত আনন্দত আত্মহাৰা হৈ পৰিছিল দলটোৰ সমৰ্থকসকল ৷
আশাবাদী ইংলেণ্ড আৰু দলটোৰ সমৰ্থকসকলৰ আশাত চেঁচা পানী ঢালি ৮৫ মিনিটত এনজো ফাৰ্ণাণ্ডেজে এটা গ’ল দিয়াৰ পাচত ৰোমাঞ্চকৰ মেচখনৰ স্ক’ৰ হৈ পৰে ১-১ ৷ এই স্ক’ৰে ফুটবলপ্ৰেমীসকলৰ উৎসুকতা-উৎকণ্ঠা অধিক বৃদ্ধি কৰি তুলিছিল । পৰৱৰ্তী সময়ত ৯০ মিনিটৰ পাছৰ অতিৰিক্ত সময়ত লাউটাৰো মাৰ্টিনেজে গ’ল দি ইংলেণ্ডৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰে আৰু ফাইনেললৈ প্ৰৱেশ কৰে ৷
ইংলেণ্ডৰ বিৰুদ্ধে এই জয়ে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি মেছিয়ে খেলৰ অন্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মেছিয়ে নিজৰ দলটোৰ স্পৃহা, পৰিশ্ৰমক প্ৰশংসা কৰি কয়, ”আৰ্জেণ্টিনা দলে কেতিয়াও হাৰ নামানে ।”

