খহি পৰিল বিজেপিৰ দুৰ্গ ! বাংকীপুৰত উৰিল জন সুৰাজ পাৰ্টীৰ ধ্বজা

বিহাৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ তিনিখন বিধানসভা আসনৰ বাবে সোমবাৰে অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন ৷ ইতিমধ্যে তিনিওটা সমষ্টিৰে ফলাফল ঘোষণা কৰা হৈছে । বিজেপিয়ে গুজৰাটত জয়লাভ কৰাৰ বিপৰীতে বিহাৰত ‘জন সুৰাজ পাৰ্টী’য়ে জয়লাভ কৰিছে আৰু মধ্যপ্ৰদেশত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৷

ঐতিহাসিক বিজয় বাংকীপুৰ সমষ্টিত

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰশান্ত কিশোৰে পূৰ্বে আনক নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছিল । এতিয়া তেওঁ নিজেই এনে এট সমষ্টিৰ পৰা জিকিছে যি সমষ্টি কেবা দশক ধৰি বিজেপিৰ দখলত আছে । তদুপৰি, বিজেপি শাসিত ৰাজ্যৰ বিজেপিৰ দুৰ্গত, কেইবাটাও কাৰ্যকালত বিজেপিৰ মুৰব্বী নীতিন নবিনে প্ৰতিনিধিত্ব কৰা আসনত । বৰ্তমান জন সুৰাজ পাৰ্টিৰ মুৰব্বী হিচাপে থকা প্ৰাক্তন পল ষ্ট্ৰেটেজিষ্ট কিশোৰ বিহাৰৰ বাংকিপুৰৰ পৰা নিকটতম প্ৰতিদ্বন্দ্বী ১৯,৩২৪ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিহাৰৰ নতুন বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ।

এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ পুত্ৰ বিজেপিৰ নীৰজ কুমাৰ আৰু জয় সুৰাজ পাৰ্টীৰ প্ৰশান্ত কিশোৰে । কিন্তু লক্ষণীয়ভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে গেৰুৱা বাহিনী চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে ।

বিজেপি প্ৰাৰ্থী নীৰজ কুমাৰক ১৮,৯৫৩ টা ভোটত পৰাস্ত কৰে প্ৰশান্ত কিশোৰে । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৪৪,২৫০ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰশান্ত কিশোৰে ৬৩,২০৩ টা ভোট লাভ কৰে । বাংকীপুৰ সমষ্টিক বিজেপিৰ দুৰ্গ হিচাপে গণ্য কৰা হৈছিল । কিন্তু এই উপ-নিৰ্বাচনত বিজেপিয়ে এই সমষ্টিটো হেৰুৱাব লগা হয় ।

এই জয় কেৱল এটা উপ-নিৰ্বাচনৰ ফলাফল নে বিহাৰৰ লগতে দেশৰ ৰাজনীতিত নতুন সমীকৰণৰ সূচনা – ফলাফল প্ৰকাশৰ পাচতে এই চৰ্চা চলিছে দেশৰ ৰাজনৈতিক মহলত ।

Comments (0)
Add Comment