বৰাকত কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ উদ্যোগত বৃহৎ কৈৱৰ্ত সন্মিলন

১৬ আগষ্টৰ দিনা বৰাক উপত্যকাত আয়োজন কৰে অধিকাৰ সন্দৰ্ভত এক আন্দোলন । কাছাৰৰ শিলচৰৰ বংগ ভৱনত কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ উদ্যোগত কৈৱৰ্ত সমাজৰ অধিকাৰৰ দাবীত অনুষ্ঠিত হয় এই বিশেষ সন্মিলনখন ৷ দশক দশক ধৰি বঞ্চিত অসমৰ অনুসূচিত জাতি তথা কৈৱৰ্ত লোকসকলৰ অধিকাৰৰ হকে বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বুদ্ধিজীৱি, সমাজকৰ্মী তথা বিশিষ্ট নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় ৷ অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায়, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস, মুখ্য উপদেষ্টা পৱিত্ৰ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত সভাত চৰকাৰে অসমৰ কৈৱৰ্তসকলৰ দাবীসমূহ পূৰণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

মূলতঃ ভূমি পট্টা আৰু ভুৱা প্ৰমাণপত্ৰৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰি থকা অবৈধ চাকৰিয়ালসকলক চাকৰিৰ পৰা বৰ্খাস্ত নকৰা বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে সন্মিলনে ৷ সভাত অতিথি হিচাপে উপস্থিত থাকি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কেইবাটাও দাবী উত্থাপন কৰে ৷

দাসে কয়, “আজি আমাৰ সন্মুখত বহু সমস্যা আছে ৷ অসমত আজি হাজাৰ হাজাৰ লোক অনুসূচিত জাতিৰ নোহোৱাৰ পিছতো অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰি আছে ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে দুটা দশক ধৰি এই বিষয়টোক লৈ যুঁজি আছে ৷”

বৰাক উপত্যকাৰ অন্যতম সংগঠন তথা সভাৰ আয়োজক কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ তৰফৰ পৰা সহায়ৰ দৰকাৰ বুলি উল্লেখ কৰি সঞ্জীৱ দাসে কয় যে আজি কাছাৰৰ বংগ ভৱনলৈ ওলাই অহাৰ দৰে কৈৱৰ্তসকল অসমৰ প্ৰান্তে প্ৰান্তে এনেদৰে ওলাই আহিব লাগিব ৷ আমি আমাৰ মানুহখিনিক সজাগ কৰিব লাগিব ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ইতিমধ্যে অসমৰ জিলাই জিলাই জালিয়াতিৰে চাকৰি কৰা লোকসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰি দাসে আৰু কয় যে বহু লোকৰ চাৰ্টিফিকেট অবৈধ বুলি প্ৰমাণিত হৈছে ৷ কিন্তু সেইসকলে আজিও চাকৰি কৰি আছে ৷ আমি যদি সকলোৱে ঐক্যবদ্ধ হওঁ তেন্তে চৰকাৰে সেইসকল চাকৰিয়ালক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ বাধ্য হ’ব ৷

বৰাক উপত্যকাতো বহু লোকে অবৈধ এছচি চাৰ্টিফিকেটেৰে চাকৰি কৰি আছে বুলি উল্লেখ কৰি দাসে কয়, “কিন্তু আমি বৰাক উপত্যকাত যেনেদৰে যুঁজিব লাগিছিল তেনেদৰে যুঁজিব পৰা নাই ৷ সেয়েহে কৈৱৰ্ত সমাজ কল্যাণ মঞ্চক আহ্বান জনাম যে আপোনালোকে আমাক সহায় কৰক ৷ অবৈধ চাকৰিয়ালসকলক চিনাক্ত কৰক ৷ আমাক তেওঁলোকৰ নাম ঠিকনা দিয়ক ৷ আমি আজি এই সভাতে প্ৰতিশ্ৰুতি দিছো যে বৰাকৰ অনুসূচিত জাতিৰ লোকসকলৰ হৈ আমি যুঁজিম ৷”

শেষত দাসে শীঘ্ৰে সকলো অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত জাতিগত প্ৰমাণপত্ৰৰ পুনৰীক্ষণ আৰু কৈৱৰ্ত উন্নয়ন পৰিষদ প্ৰদানৰ দাবী – এই তিনিটা মুখ্য দাবী উত্থাপন কৰে ৷ অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰি গৈছে বুলি দাবী কৰি বৰাক উপত্যকাৰ কৈৱৰ্তসকলৰ সমস্যাসমূহ সমাধান কৰা হ’ব বুলি কয় ৷ ইপিনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা পৱিত্ৰ হাজৰিকাই দেশে স্বাধীনতা লাভৰ ৮০ বছৰ পাৰ কৰিলে যদিও অসমৰ কেইবা হাজাৰ অনুসূচিত জাতিৰ লোক ভূমিহীন হৈ আছে বুলি আক্ষেপ কৰি কয় যে বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই সংবিধানৰ জৰিয়তে আমাক যি অধিকাৰ দি গৈছিল সেয়া আমি আজিও পূৰ্ণাংগ ৰূপত লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

এই সভাত কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি ড০ ৰামকান্ত দাস, বিধায়ক ড০ ৰাজদীপ ৰয়, অমিয় কান্তি দাস, ৰাজদীপ গোৱালা, মিলন দাস, জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, কংকন নাৰায়ণ শিকদাৰ, দিপায়ন চক্ৰৱৰ্তী আদিকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

KAIBARTA CONFERENCEশিলচৰ
Comments (0)
Add Comment