যোৰহাটত ৰহস্যজনকভাৱে এগৰাকী যুৱতীয়ে মৃত্যুক আঁকোৱালি লোৱা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । ঘৰৰ পৰা বান্ধৱীৰ সৈতে বজাৰ কৰিবলৈ ওলাই যোৱা এগৰাকী যুৱতী কেনেকৈ নিথৰ দেহ হৈ চিকিৎসালয় পালে, সেই কথাৰ এতিয়াও ৰহস্য ভেদ হোৱা নাই ৷ আৰক্ষীৰ তদন্তত নিতৌ ন ন তথ্য় পোহৰলৈ আহিছে ৷
৮ বছৰীয়া অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে যোৰহাট আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিগৰাকী যুৱতীক আটক কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ইয়াৰ মাজৰ এগৰাকী যুৱতীয়ে যোৰহাটৰ পুলিবৰ শেৱালী পথত ভাড়াতীয়া হিচাপে বাস কৰিছিল । আনহাতে, এগৰাকীৰ ঘৰ পটিয়াগাওঁত বুলি জানিব পৰাৰ বিপৰীতে এজনৰ পৰিচয় এতিয়াও পোহৰলৈ অহা নাই ।
উল্লেখ কৰা প্ৰয়োজন যে, গৌৰী এপাৰ্টমেন্টৰ বি ব্লকৰ বি ২ নং কোঠাটোৰ মালিক ঝৰ্ণা গোস্বামীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৷ কাৰণ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ সৈতে অয়ন গোস্বামী নামৰ যুৱকজন, অয়নৰ মাতৃ ঝৰ্ণা গোস্বামীৰ নাম সাঙোৰ খাইছে ৷ অৱশ্যে ৰহস্যজনকভাৱে ঘটনাটোৰ সৈতে নাম সাঙোৰ খোৱা অয়ন গোস্বামী এতিয়াও পলাতক হৈ আছে ৷
অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ সৈতে আটকাধীন তিনিওগৰাকী যুৱতীৰ কেনে ধৰণৰ সম্পৰ্ক সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । উল্লেখ্য যে, যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ অনা লোকসকলে তেওঁৰ মৃত্যুৰ পিছত তেওঁক তাতে এৰি পলায়ন কৰে ৷ অৱশ্যে এজনী যুৱতীক চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনাটোৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে যোৰহাট আৰক্ষীয়ে তদন্ত অধিক তীব্ৰতৰ কৰি তুলিছে।