পলাশবাৰী সমষ্টিত অব্যাহত হাতী-মানুহৰ সংঘাত; বিধায়কৰ ভূমিকাত ক্ষুব্ধ স্থানীয় লোক

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যৰ বিভিন্ন অংশত অব্যাহত থকা মানুহ-বন্যজন্তুৰ ক্ৰমবৰ্ধমান সংঘাতে বিঘ্নিত কৰিছে সাধাৰণ জনজীৱন । ব্ৰক্ষ্ৰপুত্ৰৰ দক্ষিণ পাৰৰ ৰঙামাটি, মেধি পাৰা, ভাগৱতীপাৰা আদি অঞ্চলতো শেহতীয়াকৈ বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত । হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ হৈছে স্থানীয় গঞা ৰাইজৰ ।

জানিব পৰা মতে, ৰঙামাটি, মেধিপাৰা, ভাগৱতীপাৰাত বন্যহস্তীৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে সৰ্বসাধাৰণক । বিগত কিছু মাহ ধৰি বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰা হৰণ হৈছে পলাশবাৰী সমষ্টিৰ বহু কেইটা অঞ্চলৰ ৰাইজৰ । স্থানীয় লোকে আক্ষেপ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত জনাই যে বিগত ছয়মাহত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ গৈছে কেইবাজনো লোকৰ । আনকি ভয়-শংকাৰ মাজেৰেই নিশা কটাবলগীয়া হয় বুলিও ৰঙামাটি, মেধিপাৰা, ভাগৱতীপাৰাৰ লগতে স্থানীয় বহুকেইটা অঞ্চলৰ বাসিন্দাসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ।

ভুক্তভোগী ৰাইজে স্থানীয় বিধায়কৰ বিৰুদ্ধে খেদ প্ৰকাশ কৰিছে । সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি বন বিভাগ তথা পলাশবাৰী সমষ্টিৰ বিধায়কক হিমাংশু শেখৰ বৈশ্যক এই সমস্যাটো সমাধানৰ বাবে কেবাবাৰো অভিযোগ দিয়া হৈছিল যদিও আজি পৰ্যন্ত সমস্যাটোৰ কোনোধৰণৰ সমাধান উলিয়াব নোৱাৰিলে বুলি পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ বিৰুদ্ধে স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ তুলিছে ।

Comments (0)
Add Comment