অজয় দেৱগনৰ বহুপ্ৰতীক্ষিত কমেডী ছবি ‘ধামাল ৪’ এতিয়া OTT মুক্তিৰ বাবে সাজু হৈছে। ছবিখনে ছবিগৃহত মিশ্ৰিত সঁহাৰি লাভ কৰাৰ পাছত অহা ৪ ছেপ্টেম্বৰৰ পৰা Netflixত ষ্ট্ৰীমিং আৰম্ভ কৰিব।
ইন্দ্ৰ কুমাৰৰ পৰিচালনাত নিৰ্মিত ‘ধামাল ৪’ ১০ জুলাই, ২০২৬ত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনত অজয় দেৱগনৰ উপৰিও ৰিতেশ দেশমুখ, অৰশদ ৱাৰ্ছী, জাভেদ জাফৰী, সঞ্জয় মিশ্ৰ, ৰবি কিষাণ আৰু উপেন্দ্ৰ লিমায়ে গুৰুত্বপূৰ্ণ ভূমিকাত দেখা গৈছে।
প্ৰায় আঠ সপ্তাহ ছবিগৃহত চলাৰ পাছত ছবিখনে এতিয়া ডিজিটেল প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। সমালোচক আৰু দৰ্শকৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিলেও বক্স অফিচত ছবিখনে উল্লেখযোগ্য ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
ছবিখনৰ কাহিনী মূলতঃ এক গুপ্তধনৰ সন্ধানক কেন্দ্ৰ কৰি তৈয়াৰ কৰা হৈছে ।
গুপ্তধনৰ সন্ধানত গুৰুত্বপূৰ্ণ তথ্যৰ অধিকাৰী পৃথ্বী, যাৰ চৰিত্ৰত অভিনয় কৰিছে উপেন্দ্ৰ লিমায়ে। কিন্তু তেওঁক অধূৰা নামৰ এজন জলদস্যুৱে অপহৰণ কৰাৰ পাছত পৰিস্থিতি অধিক জটিল হৈ পৰে। অধূৰাৰ চৰিত্ৰত দেখা গৈছে ৰবি কিষাণক।
কমেডী, গুপ্তধনৰ সন্ধান আৰু একাধিক জনপ্ৰিয় অভিনেতাৰ সমাহাৰেৰে নিৰ্মিত ছবিখনে এতিয়া OTT দৰ্শকৰ মাজত নতুনকৈ স্থান লাভ কৰাৰ সম্ভাৱনা আছে ।