অসমৰ ভয়াৱহ বানপানীৰ মাজতে বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানে ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এক কোটি টকাৰ অনুদান আগবঢ়াইছে । মুখ্যমন্ত্রীৰ কার্যালয়ে এই আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে অভিনেতাগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছে ৷
মুখ্যমন্ত্ৰী কাৰ্যালয়ে X যোগে এটা পোষ্ট দি কয়, “মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকাৰ অৱদানৰ বাবে অভিনেতা @TheAaryanKartik লৈ কৃতজ্ঞতা । ৰাজ্যিক সাহায্য ব্যৱস্থা (sic)ৰ প্ৰতি তেওঁৰ প্ৰশংসনীয় আৰু সময়োপযোগী সমৰ্থনৰ শলাগ লয় মুখ্যমন্ত্ৰী ড° @himantabiswa ই।”
ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ব্যক্তিগত X একাউণ্টৰ জৰিয়তে বলিউডৰ অভিনেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰি লিখিছে, “আপুনি আগবঢ়োৱা অৱদানৰ বাবে প্ৰকৃত অৰ্থত উৎসাহিত হৈছো, @TheAaryanKartik । আপোনাৰ সহায়-সহযোগিতাই অসমৰ ৰাইজক #AssamFloods (sic) সহায় কৰাত বহুখিনি সহায় কৰিব ।”
উল্লেখ্য যে, অসমৰ বন্যাৰ্তৰ কাষত 29 জুলাইৰ দিনা খাদ্য সামগ্ৰীৰে সৈতে উপস্থিত হৈছে মুম্বাইৰ ‘মানৱতাৰ দূত’ খ্যাত হুছেইন মনছুৰী । বৃহৎ পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী লৈ ৰাইজৰ কাষত উপস্থিত হৈছে মনছুৰী । মনছুৰীৰ লগতে বহিঃৰাজ্যৰ বহু নামী-বেনামী সংস্থাই অসমৰ বন্যাৰ্তসকলৰ কাষত থিয় হৈছে ।
ইয়াৰ পূৰ্বে বলিউডৰ ভাইজান ছলমান খানেও অসমত হোৱা ভয়াৱহ বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আগবঢ়াইছিল । সাহায্যৰ কাম পৰ্যায়ক্ৰমে পৰিকল্পনা কৰা হৈছে বুলি অভিনেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিছে । অভিনেতাগৰাকীৰ দাতব্য সংস্থা Being Human ৰ জৰিয়তে অভিনেতাগৰাকীয়ে ছলমান খান ফেন ক্লাব (এছ কে এফ চি) অসমৰ সৈতে সহযোগিতা কৰি ৰাজ্যৰ একাংশ ভয়াৱহ ক্ষতিগ্ৰস্ত অঞ্চলৰ দুৰ্গতসকললৈ সাহায্য আগবঢ়াইছে । বলিউডৰ কেবাগৰাকীও অভিনেতাই অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।