অসমৰ বন্যাৰ্তক ঘৰ নিৰ্মাণ কৰি দিব বলিউডৰ ভাইজান আৰু ৰণদীপ হুদাই

শেহতীয়াকৈ ৰাজ্যত বানে সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতিৰ । উজনিৰ ৪ খনকৈ জিলা বানৰ সংহাৰী ৰূপৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ পাচতে বহু ব্যক্তিবিশেষৰ লগতে সংগঠনো আগবাঢ়ি আহিছে বন্যাৰ্ত অসমীয়াক সহায় কৰিবলৈ । আনকি বলিউডৰ কেবাগৰাকীও তাৰকা শিল্পী অসমীয়াৰ কাষত থিয় দিছে । একেদৰে বলিউডৰ ভাইজানখ্যাত ছলমান খানৰ ফাউণ্ডেশ্যন Being Human ওলাই আহিছে বানত ক্ষতিগ্ৰস্তসকলক সহায় কৰিব । জানিব পৰা মতে বান বিধ্বস্ত ৰাজ্যখনক খাদ্য বিতৰণৰ পিছত ছলমান খান আৰু তেওঁৰ দলটোৱে দ্বিতীয় পৰ্যায়ৰ বান সাহায্য আৰম্ভ কৰিছে অসমৰ বানপীড়িত এলেকাত ।

জানিব পৰা মতে, অভিনেতাজনৰ দলটোৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত গাঁও নেপালী খুটিত প্ৰায় ২২০টা অৰ্ধস্থায়ী ঘৰ নিৰ্মাণ কৰিছে । প্ৰতিবেদনত উল্লেখ কৰা মতে, “ৰণদীপে ছলমানক জনাইছিল যে গ্ল’বেল শিখৰ সাহায্যৰ অধীনত ৭০ জনেই একেলগে কাম কৰি আছে । ছলমানে লগে লগে ফাউণ্ডেশ্যনৰ সৈতে হাত মিলাই আটায়ে মিলি ৫০০টা ঘৰ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।”

এই সন্দৰ্ভত তেওঁলোকে কয়, “কিছুদিন পূৰ্বে ছলমান খানে আমাৰ সৈতে কথা পাতি কৈছিল, ‘আপোনালোকে চিন্তা নকৰিব ।এতিয়া শিৱসাগৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ কেন্দ্ৰবিন্দু হৈছে নেপালী খুঁটি । নিৰ্মাণৰ প্ৰথম পৰ্যায়ত ২২০টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আমি প্ৰতিটো পৰিয়ালক ঘৰ বিতৰণ কৰি আছো । আমি দিনটোত আঠৰ পৰা দহটা ঘৰ নিৰ্মাণ কৰিব পাৰো ।”

Comments (0)
Add Comment