১০০ পৰিয়াললৈ ১০০ টা ঘৰ; বন্যাৰ্তৰ বাবে কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিশেষ পদক্ষেপ

বানপীড়িতক সহায়ৰ হাত আগবঢ়াইছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই । ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ জৰিয়তে বানৱপীড়িতৰ কাষত থিয় হৈছে কণ্ঠশিল্পীগৰাকী । বানত সৰ্বস্ব হেৰুওৱা ১০০টা পৰিয়ালক নতুনকৈ ঘৰ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্য ফাউণ্ডেশ্বন’ৰ জৰিয়তে লৈছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে । সামাজিক মাধ্যমত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাযোগে এই কথা প্ৰকাশ কৰে কন্ঠশিল্পীগৰাকীয়ে । এই মানৱীয় পদক্ষেপ সফল কৰি তুলিবলৈ কণ্ঠশিল্পী দীপলিনা ডেকাই ৰাইজকো সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনাইছে ।

উল্লেখ্য যে, অসমৰ বানাক্ৰান্তক ঘৰ নিৰ্মাণ কৰি দিবৰ বাবে কণ্ঠশিল্পী দীপলিনা ডেকাই এতিয়ালৈ সংগ্ৰহ কৰিছে ৩৬,২৩,৮১৬ টকা । ইয়াৰ ভিতৰত ঝাৰখণ্ডৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰিয়ান কেলভিনে সংগ্ৰহ কৰি দিছে ২৯,০০,০০০ লাখ টকা । দীপলিনা ডেকা ফাউণ্ডেশ্যনে এই পৰ্যন্ত সংগ্ৰহ কৰিছে ৭,২৩,৮১৬ টকা ।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কণ্ঠশিল্পী দীপলিনা ডেকাই কয়, “বিগত ৪-৫ দিন ধৰি আমি বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ ভুক্তভোগী ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছো । তেওঁলোকৰ আটাইতকৈ জৰুৰী প্ৰয়োজনসমূহ কি, সেই বিষয়েও আমি জানিবলৈ চেষ্টা কৰিছো । খাদ্য, কাপোৰ বা দৈনন্দিক ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰী ইতিমধ্যে তেওঁলোকে লাভ কৰিছে । কিন্তু সমগ্ৰ অঞ্চলটো ঘূৰি আমি এটাই কথা অনুভৱ কৰিলোঁ যে— বন্যাৰ্তক এই মুহূৰ্তত আটাইতকৈ বেছি প্ৰয়োজন হৈছে বাসস্থানৰ ।”

শিল্পীগৰাকীয়ে লগতে কয়, “সেইবাবেই আমি ১০০ টা বানাক্ৰান্ত পৰিয়ালৰ বাবে ১০০ টা ঘৰ নিৰ্মাণ কৰি দিয়াৰ এক সিদ্ধান্ত লৈছোঁ । এই বৃহৎ অভিযানটো অকলে কাৰ্যকৰী কৰাটো সম্ভৱ নহয়, ইয়াৰ বাবে আমাক ৰাইজৰ সহায় আৰু সহযোগিতাৰ অত্যন্ত প্ৰয়োজন । ইতিমধ্যে ৰাইজে পঠোৱা সাহায্যৰ ধনেৰে আমি প্ৰথম পৰ্যায়ত ৬ টা ঘৰ নিৰ্মাণ কৰিবলৈ সাজু হৈছোঁ । কিন্তু আমি কেৱল এই ৬ টা ঘৰতে সীমাবদ্ধ থাকিব নিবিচাৰোঁ । বাকী থকা ঘৰসমূহ নিৰ্মাণৰ বাবে আমি সমূহ ৰাইজৰ আৰ্থিক সহযোগিতা কামনা কৰিছোঁ ।”

আহ্বান জনোৱাৰ লগতে কণ্ঠশিল্পীগৰাকীয়ে ঘৰ নিৰ্মাণৰ বাবে অহা প্ৰতিটো বৰঙণি তথা জমা হোৱা ধনৰ সকলো তথ্য বিতংকৈ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব বুলিও জনায় ।

Comments (0)
Add Comment