UNESCOৰ বিশ্ব ঐতিহ্যৰ তালিকাত মাজুলীক অন্তৰ্ভুক্ত কৰাৰ আহ্বান সাংসদ যোগেন মহনৰ

অসমৰ গৌৰৱ মাজুলীক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ আহ্বানেৰে মংগলবাৰে ৰাজ্যসভাত বিশেষভাৱে উল্লেখ (Special Mention) ৰ জৰিয়তে উত্থাপন কৰে ৰাজ্যসভাৰ মাহমৰা সমষ্টিৰ সাংসদ যোগেন মহনে ।

বিশেষ উল্লেখৰ জৰিয়তে বিষয়টো উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে মাজুলী বিশ্বৰ সৰ্ববৃহৎ বসতিপ্ৰধান নদীদ্বীপ আৰু অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক হৃদপিণ্ড । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নৱ-বৈষ্ণৱ আন্দোলনৰ পৱিত্ৰ ভূমি মাজুলীত শতিকাজুৰি পুৰণি সত্ৰসমূহৰ লগতে সত্ৰীয়া সংস্কৃতি, কলা, সংগীত, নৃত্য, মুখাশিল্প আৰু পাণ্ডুলিপি সংৰক্ষণৰ এক অনন্য জীৱন্ত পৰম্পৰা বিদ্যমান।

সাংসদগৰাকীয়ে উল্লেখ কৰে যে ২০০৪ চনৰ পৰাই মাজুলী ভাৰতৰ UNESCO Tentative List-ত অন্তৰ্ভুক্ত হৈ আছে, যদিও এতিয়ালৈকে ই চূড়ান্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা নাই। আনহাতে, নদী খহনীয়া আৰু জলবায়ু পৰিৱৰ্তনজনিত বিষয়ে মাজুলীক ঐতিহ্য আৰু অস্তিত্বৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়, ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (ASI) আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক মাজুলীৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আৰু মনোনয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰি UNESCO-ৰ সৈতে সক্ৰিয়ভাৱে কাম কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায়।

২০২৪ চনত চৰাইদেউ মৈদামক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঐতিহাসিক স্বীকৃতি প্ৰদানৰ কথা উল্লেখ কৰি শ্ৰী যোগেন মহনে বিশ্বাস প্ৰকাশ কৰি উল্লেখ কৰে যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত মাজুলীকো এই সন্মান লাভ কৰাৰ দিশত ভাৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

UNESCO-ৰ স্বীকৃতিয়ে মাজুলীৰ অনন্য সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য সংৰক্ষণ, ঐতিহাসিক সত্ৰসমূহৰ সংৰক্ষণ শক্তিশালীকৰণ, বহনক্ষম পৰ্যটন বিকাশ, স্থানীয় লোকসকলৰ জীৱিকাৰ সুযোগ সৃষ্টি আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যক বিশ্ব পৰ্যায়ত অধিক পৰিচিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ।

“মাজুলীক সংৰক্ষণ কৰা মানে কেৱল অসমৰ ঐতিহ্য সংৰক্ষণ কৰা নহয়; ই ভাৰতৰ চিৰন্তন সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখত গৌৰৱেৰে তুলি ধৰা ।” বুলিও উল্লেখ কৰে সাংসদ মহনে ।

Comments (0)
Add Comment