Your Mic Your Voice

মুখ্যমন্ত্ৰীৰ আশ্বাস, কাইলৈ অনশন ভংগ কৰিব অখিল গগৈয়ে

0

উজনি অসমৰ বানপীড়িতৰ ক্ষতিপূৰণকে ধৰি কেইবাটাও দাবীত দিছপুৰৰ বিধানসভা চৌহদত চলি থকা ১৪ দিনীয়া সত্যাগ্ৰহ অৱশেষত সামৰিব শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী পূৰণৰ আশ্বাস দিয়াৰ পিছতে বৃহস্পতিবাৰে এই সিদ্ধান্ত লয় তেওঁ।

যোৱা ২ অক্টোবৰৰ পৰা বানপীড়িতক ক্ষতিপূৰণ, বানৰ কাৰণৰ তদন্ত আৰু ক্ষতিগ্ৰস্ত পথ মেৰামতিৰ দাবীত সত্যাগ্ৰহ কৰি আহিছিল ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে যদিও মই সম্পূৰ্ণ সুখী নহয়। কেৱল বানপীড়িতই সোনকালে ক্ষতিপূৰণ পোৱাৰ স্বাৰ্থত আন্দোলন শেষ কৰিছোঁ। চৰকাৰৰ কামৰ কৃতিত্ব মোৰ নালাগে।”

বিধায়কগৰাকীৰ মতে, সত্যাগ্ৰহৰ সময়ছোৱাত তেওঁৰ সমষ্টিৰ প্ৰায় ৪ হাজাৰ পৰিয়ালে ১৫ হাজাৰ টকাকৈ তৎকালীন সাহায্য লাভ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে নিজে ফোন কৰি নতুনকৈ চিনাক্ত হোৱা ৩,০৬৪ টা পৰিয়ালৰ বাবেও ৪.৬০ কোটি টকা অনুমোদনৰ কথা জনাইছে। ইয়াৰে মুঠ ৭ হাজাৰ পৰিয়াল উপকৃত হ’ব।

unimex

চৰকাৰে ৪ খন জিলাৰ ৫৭ হাজাৰ পৰিয়ালক ১.২০ লাখৰ পৰা ১.৭০ লাখ টকা দিয়াৰ কথা কৈছিল। কিন্তু অখিল গগৈৰ দাবী আছিল ক্ষতিগ্ৰস্ত ২ লাখ পৰিয়ালক ১০ লাখকৈ দিব লাগে।

আজি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে প্ৰথমে ৫৭ হাজাৰ পৰিয়ালৰ তালিকা কেন্দ্ৰলৈ পঠালেও, দ্বিতীয় পৰ্যায়ত বাকী পৰিয়ালৰ বাবেও প্ৰস্তাৱ পঠোৱা হ’ব আৰু ক্ষতিপূৰণ ১.৭০ লাখৰ পৰা ৫.৬০ লাখলৈ বৃদ্ধি কৰা হ’ব।

আনহাতে, অবৈধ খননৰ অভিযোগত CBI তদন্তৰ দাবীৰ বিপৰীতে চৰকাৰে বিশেষজ্ঞ সমিতি গঠনৰ সিদ্ধান্ত লৈছে, যাক গগৈয়ে অনিচ্ছাসত্ত্বেও মানি লৈছে।

বৃহস্পতিবাৰে দুজন কেবিনেট মন্ত্ৰী সত্যাগ্ৰহস্থলীত উপস্থিত হৈ চৰকাৰৰ প্ৰতিশ্ৰুতি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।

Leave A Reply

Your email address will not be published.

Translate »