Your Mic Your Voice

আগ্নেয়াস্ত্ৰ লৈ বিমান বন্দৰত যাত্ৰী; স্ক্ৰীনিঙৰ সময়তে নিৰাপত্তাৰক্ষীক আক্ৰমণ

0

দেওবাৰৰ পুৱা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বিমানবন্দৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । বিমান বন্দৰটোত নিৰাপত্তাৰক্ষীয়ে স্ক্ৰীনিং কৰি থখাৰ সময়ত এজন যাত্ৰীৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত পিষ্টলেৰে গুলীচালনাৰক ঘটনা সংঘটিত হয় । বিস্ফোৰণত কমেও দুজন লোক আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উত্তৰ প্ৰদেশৰ আজমগড়ৰ পৰা কমলেশ ৰায় নামৰ যাত্ৰীজন পত্নীৰ সৈতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX1810 বিমানেৰে মুম্বাইলৈ যাবলৈ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ।

নিৰাপত্তা পৰীক্ষাৰ সময়ত তেওঁৰ অস্ত্ৰ আৰু ইয়াৰ গোলা-বাৰুদ পৰিদৰ্শন কৰি থকাৰ সময়তে আকস্মিকভাৱে গুলীচালনা হয় ।

unimex

এগৰাকী মহিলা নিৰাপত্তাৰক্ষীৰ ভৰিত আঘাত পোৱাৰ বিপৰীতে ওচৰতে থিয় হৈ থকা আন এজন ব্যক্তিয়ে বুঢ়া আঙুলিত দুখ পায় । দুয়োকে চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।

জ্যেষ্ঠ আৰক্ষী বিষয়া নীতু কাডিয়ানে এক্সত কয় যে, “এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপ আয়ুক্ত (গোমটি জ’ন) আৰু সহকাৰী আৰক্ষী আয়ুক্ত (পিন্দ্ৰা)কে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। ঠাইখন পৰিদৰ্শন কৰা হৈছে, আৰু প্ৰয়োজনীয় সবিশেষ সংগ্ৰহ কৰা হৈছে। বিষয়টোত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”

এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতি জাৰি কৰি কয়, “আজি ১৬.০৮.২০২৬ তাৰিখে প্ৰায় ০৯:৩০ বজাত মুম্বাইলৈ যোৱা IX-১৮১০ বিমানত পত্নীৰ সৈতে যাত্ৰা কৰা এজন যাত্ৰীয়ে বিমানখনত গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়ে চলোৱা পৰীক্ষাৰ সময়ত যাত্ৰীজনে গুলীচালনা কৰে, যাৰ ফলত দুজন AAICLAS স্ক্ৰীনাৰ আহত হয় । দুয়োকে চিকিৎসাৰ বাবে নিউ লক্ষ্মী ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হয় । স্থানীয় আৰক্ষীক জনোৱা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে ।”

Leave A Reply

Your email address will not be published.

Translate »