Your Mic Your Voice

পাঠশালাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ

0

পাঠশালা: অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে পাঠশালাত ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰতীকী অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হয়।

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ গ্ৰাহকক জুৰুলা কৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে। খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় সংগঠনটোৱে।

unimex

আছুৰ আহ্বানত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰত্যক্ষ বোজা সাধাৰণ আৰু নিম্ন আয়ৰ পৰিয়ালসমূহে বহন কৰিবলগীয়া হৈছে।

খাদ্য বিভাগৰ ব্যৰ্থতাৰ প্ৰতীক হিচাপে আয়োজন কৰা এই অভিনৱ প্ৰতিবাদৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধত কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই।

Leave A Reply

Your email address will not be published.

Translate »