Your Mic Your Voice

কাজিৰঙাৰ ৰঙাজান দুৰ্ঘটনা: নিহত ২৬ জনৰ পৰিয়াললৈ মুঠ ৯ লাখকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

0

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ দেশকে শোকত ডুবাইছে। এই মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে।

আজি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ বুজ লয়। তেওঁ নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

পৰিয়ালক মুঠ ৯ লাখ টকাৰ সাহায্য

এই হৃদয়বিদাৰক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মুঠ ৯ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, প্ৰতিগৰাকী নিহতৰ পৰিয়ালে এই ধৰণে সাহায্য লাভ কৰিব:

unimex
  • মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা:৫ লাখ টকা
  • ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা:২ লাখ টকা
  • প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা:২ লাখ টকা

প্ৰধানমন্ত্ৰীৰ সমবেদনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। তেওঁ নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

কেনেকৈ ঘটিল দুৰ্ঘটনা?

ৰঙাজানত এখন দ্ৰুতবেগী যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ খুন্দাত শিশুসহ বহু যাত্ৰীয়ে প্ৰাণ হেৰুৱায়। কেইবাজনো গুৰুতৰভাৱে আহত হৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অন্যান্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে

Leave A Reply

Your email address will not be published.

Translate »