Your Mic Your Voice

কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা! মৃত্যুৰ সংখ্যা ২৬লৈ বৃদ্ধি, শোকত ভাগি পৰিল সমগ্ৰ অসম!

0

কাজিৰঙাৰ ৰঙাজানত আজি সংঘটিত হ’ল এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। এতিয়ালৈকে এই দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে নগাঁও কাজিৰঙা মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰী।

দুৰ্ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ট্ৰেভেলাৰখনৰ ভিতৰত এতিয়াও আৱদ্ধ হৈ আছে বহু যাত্ৰী। সেয়ে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

কেনেকৈ ঘটিল দুৰ্ঘটনা?

নগাঁও অভিমুখী ট্ৰেভেলাৰ (AS 02AC 6690) আৰু যোৰহাট অভিমুখী ট্ৰেইলাৰ (KA 01AT0977) ৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰেভেলাৰখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল। প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত ট্ৰেভেলাৰত থিয় হৈ অহা যাত্ৰীসকল বহু দূৰলৈ চিটিকি পৰে।

unimex

ঘটনাস্থলীত মন্ত্ৰী অতুল বৰা

ঘটনাস্থলীত মন্ত্ৰী অতুল বৰাৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। আহতসকলক কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহু আহতৰ অৱস্থা সংকটজনক।

মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে-
“আজি কাজিৰঙাত সংঘটিত হোৱা শোকাবহ পথ দুৰ্ঘটনাটোৱে সমগ্ৰ ৰাজ্যবাসীক জোকাৰি গৈছে। নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

আহতসকলে যাতে বিনা পলমে সৰ্বোত্তম চিকিৎসা পায়, তাৰ বাবে চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে বুলি তেওঁ জনায়। লগতে আহতসকলৰ আশু আৰোগ্য আৰু শোকসন্তপ্ত পৰিয়াললৈ শক্তি কামনা কৰে।

Leave A Reply

Your email address will not be published.

Translate »