Your Mic Your Voice

লখিমপুৰৰ বগীনদীত চলিল বুলড’জাৰ, ভাঙিলে ১৩২ টা পৰিয়ালৰ ঘৰ!

0

লখিমপুৰ: বগীনদী অঞ্চলৰ সংৰক্ষিত পশুচৰণ ভূমি (PGR) বেদখলমুক্ত কৰিবলৈ শুকুৰবাৰে পুৱাৰে পৰা জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলায়। প্ৰশাসনৰ বুলড’জাৰ আৰু এক্সকেভেটৰে প্ৰায় ১৩২ টা পৰিয়ালৰ বাসগৃহ ভাঙি পেলায়। মুঠ ৩২০ হেক্টৰ PGR ভূমি খালী কৰাৰ বাবে লোৱা এই কঠোৰ পদক্ষেপৰ পিছতে অঞ্চলটোত শোক আৰু উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰে।

জানিব পৰা মতে, এই ভূমি খালী কৰিবলৈ প্ৰশাসনে আগতেই ১৩৫ টা পৰিয়ালক জাননী দিছিল। জাননী পোৱাৰ পিছত বহু পৰিয়ালে উচ্ছেদৰ আগতেই নিজে ঘৰ ভাঙি সামগ্ৰী লৈ আন ঠাইলৈ গুচি গৈছিল। শুকুৰবাৰে বৃহৎ আৰক্ষীৰ দলৰ উপস্থিতিত বাকী থকা প্ৰায় ১৩২ টা পৰিয়ালৰ ঘৰত উচ্ছেদ চলোৱা হয়।

unimex

আনফালে চকুৰ আগত নিজৰ আপোন ঘৰখন ভাঙি যোৱা দেখি উচ্ছেদিত লোকসকল কান্দোনত ভাগি পৰে। উচ্ছেদৰ বিৰোধিতা কৰি স্থানীয় লোকে ক্ষোভেৰে কয় – “উচ্ছেদ কৰাটো আমি কেতিয়াও নামানো। আমাৰ এইখন অসমতে জন্ম হৈছে, আমি ইয়াতেই থাকিম।”

উচ্ছেদিত পৰিয়ালসমূহৰ অভিযোগ অনুসৰি, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে তেওঁলোকক এই স্থানত ভূমি সংস্থাপন দিয়া হৈছিল। চৰকাৰীভাৱে ৩৫ টা আবাসগৃহ দিয়াৰ লগতে অঞ্চলটোত স্বাস্থ্য, বিজুলী, খোৱাপানী আৰু শিক্ষাৰ দৰে মৌলিক সুবিধাও গঢ়ি তোলা হৈছিল বুলি তেওঁলোকে দাবী কৰে।

ইফালে চৰকাৰী আৰু সংৰক্ষিত ভূমি বেদখলমুক্ত কৰাৰ অভিযানৰ অংশ হিচাপে এই উচ্ছেদ চলোৱা বুলি প্ৰশাসনে জনাইছে। বগীনদীৰ পিছত কয়লামৰী আৰু বৰবিল অঞ্চলতো পৰৱৰ্তী পৰ্যায়ত উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসনে। বৰ্তমান অঞ্চলটোত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »