Your Mic Your Voice

যোৰহাটৰ তৰাজানত ভাৰতৰ প্ৰথম অত্যাধুনিক তাপীয় ৰূপান্তৰ যন্ত্ৰ! এতিয়া কম সময়তে হ’ব মৃতদেহৰ সৎকাৰ

0

যোৰহাটৰ তৰাজান শ্মশানত এতিয়া ইতিহাস ৰচিলে! ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে স্থাপন হ’ল অত্যাধুনিক তাপীয় ৰূপান্তৰ যন্ত্ৰ — য’ত কম সময়ৰ ভিতৰতে অতি আধুনিক আৰু পৰিষ্কাৰ পদ্ধতিৰে মৃতদেহৰ সৎকাৰ কৰিব পৰা যাব।

লায়ন্স ক্লাব অৱ যোৰহাট গ্ৰেটাৰৰ উদ্যোগত স্থাপন কৰা এই বিশেষ যন্ত্ৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ নামত উচৰ্গা কৰে লায়ন্স ইণ্টাৰনেশ্যনেলৰ ডিষ্ট্ৰিক্ট ৩২২D-ৰ জিলা গৱৰ্ণৰ লায়ন ডাঃ নীনা দত্তই।

unimex

এই গৌৰৱময় অনুষ্ঠানত CSIR-NEIST, যোৰহাটৰ সঞ্চালক ডাঃ ভি. এম. তিৱাৰীসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

তৰাজান শ্মশানৰ আধুনিকীকৰণৰ দিশত এই পদক্ষেপে যোৰহাটক সমগ্ৰ দেশৰ ভিতৰতে এক অনন্য স্থান দিলে বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »