Your Mic Your Voice

বজালকটাত দেৱজিৎ সোণোৱালৰ শক্তি প্ৰদৰ্শন! সমৰ্থকৰ ঢৌ লৈ মনোনয়ন দাখিললৈ যাত্ৰা

0

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আহি পৰিল! তিতাবৰ-বৰহোলাত এতিয়া কেৱল নিৰ্বাচনী গৰম বতাহ।

আজি মনোনয়ন দাখিলৰ শেষ দিন। শেষ দিনটোতে নিজৰ শক্তি দেখুৱাই মনোনয়ন দিবলৈ ওলাই আহিছে প্ৰাৰ্থীসকল।

আজি পুৱাই এক বিশাল সমৰ্থকৰ ঢৌ লৈ ২২ নং বজালকটা সমষ্টিৰ পৰা তিতাবৰ অভিমুখে ৰাওনা হয় দেৱজিৎ সোণোৱাল।

চাৰিওফালে কেৱল “দেৱজিৎ সোণোৱাল জিন্দাবাদ” ধ্বনি! সমৰ্থকৰ উৎসাহ দেখি যেন উৎসৱৰ পৰিৱেশহে হ’ল।

unimex

কোন এই দেৱজিৎ সোণোৱাল?

দেৱজিৎ সোণোৱাল কোনো নতুন মুখ নহয়। তেওঁ আগতে বিজেপিৰ বৰহোলা মণ্ডলৰ সভাপতি আছিল। ৰাজনীতিৰ পথাৰত পকা খেলুৱৈ তেওঁ।

এইবাৰ ২২ নং বজালকটাৰ পৰা খেলপথাৰত নামিবলৈ ওলোৱা দেৱজিৎ সোণোৱালৰ এই পদক্ষেপে সমষ্টিটোৰ নিৰ্বাচনী অংক একেবাৰে সলনি কৰি দিছে।

অৱশ্যে বজালকটাত তেওঁৰ বিপৰীতে আৰু কেইবাজনো প্ৰাৰ্থীৰ নামো চৰ্চাত আছে।

Leave A Reply

Your email address will not be published.

Translate »