Your Mic Your Voice

ধুবুৰীত উচ্ছেদস্থলীত বিধায়িকা বেবী বেগমৰ ৰুদ্ৰ ৰূপ! ধমক দি ৰখাই দিলে বুলড’জাৰ

0

ধুবুৰীৰ আদাবাৰীত আজি উত্তপ্ত পৰিস্থিতি। চৰকাৰী খাছ ভূমিত বহি থকা ৫টা পৰিয়ালক উচ্ছেদ কৰিবলৈ প্ৰশাসনে বুলড’জাৰ লৈ যোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বিধায়িকা বেবী বেগম।

উপস্থিত হৈয়েই তেওঁ ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে। বুলড’জাৰ চালকক ধমক দি উচ্ছেদ বন্ধ কৰি দিয়ে বিধায়িকাগৰাকীয়ে।

unimex

বিধায়িকা বেবী বেগমৰ স্পষ্ট হুংকাৰ – “অমানৱীয়ভাৱে কাকো উচ্ছেদ কৰিবলৈ দিয়া নহ’ব। ক্ষতিপূৰণ আৰু পুনঃ সংস্থাপন নিদিয়াকৈ এই উচ্ছেদ চলিবলৈ দিয়া নহ’ব।”

তেওঁৰ অভিযোগ অনুসৰি, উক্ত মাটি ডোখৰক লৈ আদালতত গোচৰ চলি আছে। গোচৰ চলি থকাৰ মাজতে কালি হঠাতে জাননী দি আজিয়েই ভাঙিবলৈ আহিছে প্ৰশাসন। সেয়ে ভূমিহীনক ভূমি নিদিয়াকৈ কোনো ধৰণৰ উচ্ছেদ চলিবলৈ দিয়া নহ’ব বুলি তেওঁ জনায়।

বিধায়িকাৰ হস্তক্ষেপৰ পিছত প্ৰশাসনে উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ বাধ্য হয়।

Leave A Reply

Your email address will not be published.

Translate »